অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ৰ চক্ৰ বিষয়াসকলক জিলা উপায়ুক্তৰ বিশেষ নিৰ্দেশনা - ডিব্ৰুগড় জিলা উপায়ুক্ত

নিজ এলেকাৰ আন্তঃগাঁথনি উন্নয়নমূলক আঁচনিৰ নিয়মীয়া নিৰীক্ষণ কৰিবলৈ চক্ৰ বিষয়াসকলক এক নিৰ্দেশ প্ৰদান কৰিছে ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই । ৰাজীৱ থাপা, সুশান্ত কুমাৰ দত্ত, ৰঞ্জিত কোঁৱৰ, ডিপু কুমাৰ ডেকা, নন্দিতা বৰুৱাকে ধৰি সকলো চক্ৰ বিষয়া আৰু সহকাৰী আয়ুক্তসকলৰ উপস্থিতিত অনুষ্ঠিত এখন সভাত এই নিৰ্দেশ প্ৰদান কৰিলে জিলা উপায়ুক্ত গৰাকীয়ে ।

ডিব্ৰুগড়ৰ উপায়ুক্ত
ডিব্ৰুগড়ৰ উপায়ুক্ত

By

Published : Jan 2, 2021, 7:21 PM IST

ডিব্ৰুগড়, ২ জানুৱাৰী: ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাইৰ চক্ৰ বিষয়াসকলক বিশেষ নিৰ্দেশনা । আন্তঃগাঁথনি উন্নয়নমূলক আঁচনি নিৰীক্ষণ কৰিবলৈ জাৰি কৰে এই নিৰ্দেশনা । জিলাখনৰ বিভিন্ন বিভাগৰ অধীনত চলি থকা হিতাধিকাৰী কেন্দ্ৰিক আৰু আন্তঃগাঁথনি উন্নয়নমূলক আঁচনিৰ নিয়মীয়া নিৰীক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি শনিবাৰে চক্ৰ বিষয়াসকলক নিয়মীয়াকৈ নিজ নিজ ৰাজহ চক্ৰ এলেকাত চলি থকা কামসমূহৰ নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে উপায়ুক্ত গৰাকীয়ে । উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগী আৰু ডিব্ৰুগড় সদৰ মহকুমাধিপতি মছন্দা পৰতীনকো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা ডিব্ৰুগড় জিলাত ৰূপায়িত প্ৰতিখন আঁচনিৰ পৰ্যালোচনা কৰিবলৈ আলোচনা কৰে সভাখনত । লগতে নিয়মীয়াকৈ এই আঁচনিৰ হিতাধিকাৰীৰ সৈতে মত-বিনিময় কৰি আঁচনিসমূহৰ সন্দৰ্ভত তেওঁলোকৰ প্ৰতিক্ৰিয়া জনাৰ চেষ্টা কৰিবলৈ নিৰ্দেশ দিয়ে উপায়ুক্ত গৰাকীয়ে ।

চক্ৰ বিষয়াসকলক ডিব্ৰুগড় উপায়ুক্তৰ বিশেষ নিৰ্দেশনা

জিলা উন্নয়ন আয়ুক্তক চক্ৰ বিষয়াসকলক তেওঁলোকৰ ৰাজহ চক্ৰত চলি থকা ১ কোটিতকৈ অধিক পুঁজিৰ আন্তঃগাঁথনি উন্নয়নমূলক আঁচনিৰ তালিকা প্ৰদান কৰিবলৈও নিৰ্দেশ দিয়ে যাতে চক্ৰ বিষয়াসকলে উক্ত আঁচনিৰ স্থলী পৰিদৰ্শন কৰি আঁচনিৰ অগ্ৰগতি নিয়মীয়াকৈ নিৰীক্ষণ কৰিব পাৰে । ইয়াৰোপৰি বিষয়াসকলে তেওঁলোকৰ ৰাজহ চক্ৰ পৰ্যায়ত যিসমূহ আন্তঃগাঁথনি উন্নয়ন বা অন্যান্য কাম হাতত লৈছিল সেইসমূহৰ কাম অতি সোনকালে আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে । এই সভাখনতে অসম দৰ্শন আৰু আনটাইড ফাণ্ডৰ আঁচনি ৰূপায়ণৰ সময়ত সন্মুখলৈ অহা ভূমি সংক্ৰান্তীয় দিশসমূহ সন্দৰ্ভতো আলোচনা কৰা হয় ।

নিজ এলেকাৰ আন্তঃগাঁথনি উন্নয়নমূলক আঁচনিৰ নিয়মীয়া নিৰীক্ষণ কৰিবলৈ চক্ৰ বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰা ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অতিৰিক্ত উপায়ুক্তসকল ক্ৰমে ৰাজীৱ থাপা, সুশান্ত কুমাৰ দত্ত, ৰঞ্জিত কোঁৱৰ, ডিপু কুমাৰ ডেকা, নন্দিতা বৰুৱাৰ লগতে চক্ৰ বিষয়াসকল আৰু সহকাৰী আয়ুক্তসকলো উপস্থিত থাকে ।

লগতে পঢ়ক: ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী

ABOUT THE AUTHOR

...view details