অসম

assam

ETV Bharat / state

জাপানীজ এনকেফেলাইটিছৰ সম্পৰ্কত ডিব্ৰুগড় প্ৰশাসনৰ বৈঠক - ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষ

জাপানীজ এনকেফেলাইটিছৰ প্ৰতিৰোধ সম্পৰ্কত ডিব্ৰুগড় জিলা প্ৰশাসনৰ বৈঠক । বুধবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত জাপানীজ এনকেফেলাইটিছৰ প্ৰতিৰোধ সম্পৰ্কীয় জিলাখনৰ টাস্ক ফ’ৰ্চৰ সভা অনুষ্ঠিত হয় ।

জাপানীজ এনকেফেলাইটিছৰ প্ৰতিৰোধ সম্পৰ্কত ডিব্ৰুগড় জিলা প্ৰশাসনৰ বৈঠক
জাপানীজ এনকেফেলাইটিছৰ প্ৰতিৰোধ সম্পৰ্কত ডিব্ৰুগড় জিলা প্ৰশাসনৰ বৈঠক

By

Published : Apr 7, 2021, 7:56 PM IST

মৰাণ,৭ এপ্ৰিল: বিশ্বজুৰি বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছৰ আতংক ৷ কিন্তু ইয়াৰ মাজতে আন এক দুৰ্যোগৰ বাবেও সমানে প্ৰস্তুত হ’বলগীয়া হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ ৷ অসমত এতিয়া জাপানীজ এনকেফেলাইটিছৰ সময় ৷ জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধৰ বাবে তৎপৰ হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন । বুধবাৰে ডিব্ৰুগড় জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত ৰোগবিধৰ প্ৰতিৰোধ সম্পৰ্কীয় জিলা টাস্ক ফ’ৰ্চৰ সভাখন অনুষ্ঠিত হয় ।

সভাত ডিব্ৰুগড়ৰ স্বাস্থ্য বিভাগ আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক আৰু বিষয়াসকলৰ দ্বাৰা জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰতিৰোধ আৰু ইয়াৰ প্ৰতিকাৰ সন্দৰ্ভত আলোচনা কৰা হয় । এই ৰোগবিধৰ বাবে জিলাখনত প্ৰশাসনে লৈ থকা ব্যৱস্থাসমূহ সভাত অৱগত কৰা হয় । উক্ত সভাত উপায়ুক্তগৰাকীয়ে স্বাস্থ্য বিভাগ আৰু ডিব্ৰুগড় পৌৰসভাৰ বিষয়াসকলক ডিব্ৰুগড় চহৰ তথা অন্যান্য ঠাইসমূহত এই ৰোগ প্ৰতিৰোধৰ পদক্ষেপ হিচাপে বিজ্ঞানসন্মতভাবে ফগিং কৰিবলৈ নিৰ্দেশ দিয়ে ।

জাপানীজ এনকেফেলাইটিছৰ প্ৰতিৰোধ সম্পৰ্কত ডিব্ৰুগড় জিলা প্ৰশাসনৰ বৈঠক

ইয়াৰোপৰিও উপায়ুক্ত গৰাকীয়ে সমাজ কল্যাণ, কৃষি, পশুপালন আৰু পশু চিকিৎসা আৰু জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ বিষয়াসকলক স্বাস্থ্য বিভাগৰ সহযোগত এই ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত বিভাগসমূহক নিজ দায়িত্ব পালন কৰাৰ লগতে জন সাধাৰণক সজাগ কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ কয় । সভাত বিষয়া গৰাকীয়ে মীন বিভাগ, স্বাস্থ্য বিভাগ আৰু পৌৰসভাৰ সহযোগত এই ৰোগ প্ৰতিৰোধৰ বাবে ব্যৱহৃত গাপি মাছ নলাসমূহত এৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে । উক্ত সভাত অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) তপন কুমাৰ গোঁহাই, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ লগতে বিভিন্ন বিভাগৰ বিষয়া আৰু চিকিৎসকসকল উপস্থিত থাকে । উল্লেখ্য যে, ২০১৯ চনত অসমত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হৈছিল ১৫০ গৰাকী লোকৰ ।

লগতে পঢ়ক: কিছু দিনৰ পৰা স্তব্ধ হৈ আছে মৈৰাবাৰী পাঞ্জাৱ নেচনেল বেংকৰ কাম

ABOUT THE AUTHOR

...view details