অসম

assam

By

Published : Apr 9, 2021, 6:23 PM IST

ETV Bharat / state

COVID-১৯ৰ স্বাস্থ্যবিধি মানি চলিবলৈ নিৰ্দেশ ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ

ডিব্ৰুগড় জিলাৰ সকলো কাৰ্যালয়তে COVID-১৯ সম্বন্ধীয় নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ দিলে জিলা উপায়ুক্তই । শুক্ৰবাৰে ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত চলিত মাহৰ জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত উপস্থিত থাকে জিলা উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতীম বৈৰাগী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰীণা মেছ, অতিৰিক্ত উপায়ুক্ত ক্ৰমে তপন কুমাৰ গোহাঁই, সান্তনা বৰা প্ৰমুখ্যে বিভিন্ন বিভাগৰ বিষয়াসকল ।

COVID-১৯ৰ স্বাস্থ্যবিধি মানি চলিবলৈ নিৰ্দেশ ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ
COVID-১৯ৰ স্বাস্থ্যবিধি মানি চলিবলৈ নিৰ্দেশ ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ

মৰাণ, ৯ এপ্ৰিল: শুক্ৰবাৰে ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত চলিত মাহৰ জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত হয় । জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলা উপায়ুক্তগৰাকীয়ে সকলো বিভাগীয় বিষয়াসকলক নিজ নিজ কাৰ্যালয়ত COVID-১৯ সম্বন্ধীয় নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ দিয়ে ।

লগতে জনসাধাৰণৰ বিভিন্ন অভাৱ-অভিযোগসমূহৰ ক্ষীপ্ৰতাৰে নিস্পত্তি কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈও বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে পল্লৱ গোপাল ঝাই । বিভিন্ন বিভাগসমূহৰ অধীনত চলি থকা উন্নয়নমূলক কাম-কাজসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয় ।

COVID-১৯ৰ স্বাস্থ্যবিধি মানি চলিবলৈ নিৰ্দেশ ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ

ইয়াৰ উপৰিও এই বৈঠকতে ডিব্ৰুগড় জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু এন ডি আৰ এফৰ সহযোগত অহা ১০ এপ্ৰিলত পাঁচআলিৰ সমীপৱৰ্তী পানবাৰী ঘাটত অনুষ্ঠিত হ'বলগীয়া মক ড্ৰিলৰ বিষয়েও আলোচনা কৰা হয় । বানপানীৰ সময়ত ল'বলগীয়া সাৱধনতা আৰু উদ্ধাৰ অভিযান সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে প্ৰশাসনে মক ড্ৰিল অনুষ্ঠিত কৰিব ।

COVID-১৯ৰ স্বাস্থ্যবিধি মানি চলিবলৈ নিৰ্দেশ ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ

উক্ত বৈঠকত জিলা উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতীম বৈৰাগী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰীণা মেছ, অতিৰিক্ত উপায়ুক্ত ক্ৰমে তপন কুমাৰ গোহাঁই, সান্তনা বৰাৰ লগতে বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক:গুৱাহাটীৰ পৰা কলকাতালৈ কৰ্প'ৰেট কাৰ্যালয় স্থানান্তৰৰ প্ৰস্তুতি টাটাৰ

ABOUT THE AUTHOR

...view details