মৰাণ, 24 এপ্ৰিল : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ক্ৰমাৎ ডিব্ৰুগড়তো বৃদ্ধি পাইছে ক'ভিড ৰোগীৰ সংখ্যা ৷ যাৰ বাবে ক'ভিড নীতি-নিয়মৰ ক্ষেত্ৰত কঠোৰ হৈছে ডিব্ৰুগড় প্ৰশাসন । শনিবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত, ক'ভিড-১৯ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ পদক্ষেপ হিচাপে অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কোঁৱৰৰ সভাপতিত্বত জিলা পৰিবহন বিষয়াৰ লগতে পৰিবহন বিভাগৰ বিষয়াসকল উপস্থিতি হৈ, ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন বাহনৰ চালক আৰু বিভিন্ন সন্থাৰ প্ৰতিনিধি সকলৰ সৈতে মিলিত হয় এক বৈঠকত ।
পৰিবহন সন্থাৰ সৈতে বৈঠকত বহিল ডিব্ৰুগড় জিলা প্ৰশাসন - ক’ভিড নীতি
ডিব্ৰুগড় জিলাৰ বিভিন্ন বাহনৰ চালক আৰু বিভিন্ন সন্থাৰ প্ৰতিনিধি সকলৰ সৈতে জিলা প্ৰশাসনৰ বৈঠক ৷ যাত্ৰী কঢ়িওৱা চালক, হেণ্ডিমেন তথা যাত্ৰীয়ে মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনে ৷
উক্ত বৈঠকত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে সকলোকে যাত্ৰী কঢ়িওৱাৰ ক্ষেত্ৰত স্বাস্থ্যবিভাগে দিয়া নিয়মাৱলী সমূহ পালন কৰাৰ লগতে আৰু মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰিছে । আনহাতে, যিবোৰ বাহনে ৰে’লষ্টেচন, বাছ আস্থান, চিকিৎসালয়সমূহৰ পৰা যাত্ৰী কঢ়িয়াই তেওঁলোকে যাত্ৰীসকলৰ নাম, ঠিকনা অন্তৰ্ভুক্ত কৰি নিয়মিতভাৱে পৰিবহন বিভাগৰ লগত যোগাযোগ ৰাখিব লাগিব । তাৰোপৰি অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে পৰিবহন বিভাগৰ বিষয়া সকলক স্বাস্থ্যবিভাগৰ সহযোগত ৰাজহুৱা পৰিবহন খণ্ডৰ চালকসকলক সময়ে সময়ে ক'ভিড পৰীক্ষা কৰাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷