ডিব্ৰুগড়,23ডিচেম্বৰ:ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ ডিব্ৰুগড় জিলাতো বহু ৰাইজৰ ভূমি সমস্যা সমাধান হোৱা নাই । চৰকাৰে সময়ে-সময়ে ভূমি অধিকাৰ প্ৰদানৰ কথা ঘোষণা কৰে যদিও আজি পৰ্যন্ত ডিব্ৰুগড়ৰ ৰাইজে লাভ কৰা নাই ভূমি অধিকাৰ । এই সন্দৰ্ভত মংগলবাৰে জিলাখনৰ উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হয় এখন সভা ৷ সভাখন জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপাৰ সভাপতিত্বত অনুষ্ঠিত হয় ৷
ডিব্ৰুগড়ত ভূমি অধিকাৰ প্ৰদান সন্দৰ্ভত সভা - ভোগালী পথাৰ
নামদাং সংৰক্ষিত বনাঞ্চলৰ ভোগালীপথাৰ আৰু পাণধোৱা গাঁৱৰ লোকসকলক ভূমি অধিকাৰ প্ৰদানৰ হেতু জিলা প্ৰশাসনৰ আলোচনা ৷ সভাত উপস্থিত থাকে জিলাখনৰ অধিকাংশ লোক ৷
![ডিব্ৰুগড়ত ভূমি অধিকাৰ প্ৰদান সন্দৰ্ভত সভা An important meeting of Dibrugarh District administration](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9981383-481-9981383-1608737670999.jpg)
ডিব্ৰুগড়ত ভূমি অধিকাৰ প্ৰদান সন্দৰ্ভত সভা
জিলাখনৰ টিংখাং বিধানসভা সমষ্টিৰ অধীনৰ নামদাঙ সংৰক্ষিত বনাঞ্চলৰ ভোগালী পথাৰ আৰু পাণধোৱা গাঁৱত দীৰ্ঘদিনে বসবাস কৰি অহা লোক সকলক ভূমি অধিকাৰ প্ৰদানৰ বাবে প্ৰয়োজনীয় নথি সন্দৰ্ভত আলোচনা কৰা হয় এই সভাত ৷ সভাত ডিব্ৰুগড় সদৰৰ মহকুমাধিপতি মছন্দা পৰতীন আৰু সহকাৰী আয়ুক্ত গীতাশ্ৰী লাচিত আৰু অন্যান্য সকল উপস্থিত থাকে ৷
অন্য এক খবৰৰ বাবে:পৰৱৰ্তী ছবি 'ইণ্ডিয়া লকডাউন'ৰ বিষয়ে ঘোষণা কৰিলে মধুৰ ভাণ্ডাৰকাৰে
Last Updated : Dec 23, 2020, 9:24 PM IST