অসম

assam

ETV Bharat / state

দিব্যাংগ আই টি আই নিৰ্মাণঃডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ বৈঠক - ডিব্ৰুগড় জিলাৰ

ডিব্ৰুগড়ত জিলা উপায়ুক্ত কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক । জিলাখনৰ বৰবৰুৱাস্থিত দিব্যাংগ আই টি আই আৰু লাহোৱালৰ আই টি আই নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি সন্দৰ্ভত বৈঠকত আলোচনা হয় । বৈঠকত অংশ লয় লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, ৰাজ্য চৰকাৰৰ নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ৰ সঞ্চালক দেৱ প্ৰসাদ মিশ্ৰ, ডিব্ৰুগড় জিলাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগীকে ধৰি কেইবাগৰাকীও বিষয়াই ।

দিব্যাংগ আই টি আই নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি সন্দৰ্ভত ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত কাৰ্যালয়ত বৈঠক
দিব্যাংগ আই টি আই নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি সন্দৰ্ভত ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত কাৰ্যালয়ত বৈঠক

By

Published : Dec 17, 2020, 5:33 PM IST

ডিব্ৰুগড়, ১৭ ডিচেম্বৰ: ডিব্ৰুগড় জিলাৰ বৰবৰুৱাস্থিত দিব্যাংগ আই টি আই আৰু লাহোৱালৰ আই টি আই নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি সন্দৰ্ভত উপায়ুক্ত কাৰ্যালয়ত বৃহস্পতিবাৰে এক গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰা হয় । সভাত লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, ৰাজ্য চৰকাৰৰ নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ৰ সঞ্চালক দেৱ প্ৰসাদ মিশ্ৰ, ডিব্ৰুগড় জিলাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগী, ডিব্ৰুগড় সদৰ মহকুমাধিপতি মছন্দা পৰতীন, অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজান আৰু বি চি পি এলৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

অহা জানুৱাৰী মাহৰ ভিতৰত দুয়োখন আই টি আইৰ ভৱনকেইটা উদ্বোধন কৰা সন্দৰ্ভত আলোচনা কৰা হয় ৷ সভাত অইল ইণ্ডিয়া লিমিটেড আৰু বি চি পি এলৰ সহযোগিতাত অতি সোনকালে দুয়োখন আই টি আইত পাঠ্যক্ৰম আৰম্ভ কৰাৰ সন্দৰ্ভতো বিস্তৃতভাৱে আলোচনা কৰে বিষয়াসকলে ৷

লগতে পঢ়ক: চাৰিপুনিয়া পৰিষদৰ বিজেপি প্ৰাৰ্থী মদন দেউৰীৰ নাই কোনো প্ৰতিদ্বন্দ্বী !

ABOUT THE AUTHOR

...view details