মৰাণ,9 জুন :ক'ভিডৰ ভয়াৱহতাৰ মাজতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুন চৰকাৰে ৰাজ্যৰ উন্নয়নমূলক কামৰ বাবে তৎপৰ হৈ পৰিছে । কেইটামান দিনৰ পূৰ্বে ডিব্ৰুগড় জিলাৰ চাবুৱাত স্থাপন হ'ব লগা শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ স্থান পৰিদৰ্শন কৰিছিল ক্ৰীড়া আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই ।
ইয়াৰ পাচতে ক্ৰীড়া বিশ্ববিদ্যালয় নিৰ্মাণ কাৰ্যক লৈ বিভাগীয় বিষয়াৰ লগতে জিলা প্ৰশাসন তৎপৰ হোৱা পৰিলক্ষিত হৈছে । এই উপলক্ষে দিনজ্বয় বালিজান পানীএৰা গাঁৱত ক্ৰীড়া বিশ্ববিদ্যালয়খন নিৰ্মাণৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ পট্টাদাৰসকলক লৈ এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷