মৰাণ, ২২ ডিচেম্বৰ: মঙলবাৰে ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । বৈঠকত বিশ্ব বেংকৰ পুঁজিৰে অসমৰ বান আৰু নদী খহনীয়া ব্যৱস্থাপনা সংস্থাই জিলাখনৰ বুঢ়ীদিহিং নদীত আৰম্ভ কৰিবলগীয়া আছাম ইনটিগ্ৰেটেড ৰিভাৰ বেছিন মেনেজমেণ্ট প্ৰকল্প সন্দৰ্ভত আলোচনা কৰা হয় । ডিব্ৰুগড় জিলাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগীৰ সভাপতিত্বত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বৈঠকখন অনুষ্ঠিত হয় ৷
বৈঠকত এই প্ৰকল্পৰ অধীনত প্ৰথম পৰ্যায়ত খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগৰ দ্বাৰা ৰূপায়ণৰ পৰিকল্পনা কৰা ১৫ খন আঁচনি সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় । এই প্ৰকল্পৰ কাম আৰম্ভ কৰাৰ পূৰ্বে এই প্ৰকল্পৰ পৰা পাৰিপাৰ্শ্বিক-সামাজিক দিশত পৰিব পৰা প্ৰভাৱ নিৰ্ধাৰণৰ বাবে কৰিবলগীয়া অধ্যয়নৰ কাম কিদৰে চক্ৰ বিষয়াসকল আৰু জলসম্পদ বিভাগৰ সহযোগিতাত আগবঢ়াই নিয়া হ'ব সেই সন্দৰ্ভতো আলোচনা কৰা হয় ।