অসম

assam

ETV Bharat / state

কৃষিৰে স্বাৱলম্বিতাৰ পথ দেখুৱাইছে এজন সাংবাদিকে

নিতাইপুখুৰীৰ দীপক বৰা নামৰ এজন লোকে সাংবাদিকতা কৰাৰ সমান্তৰালভাৱে শাক পাচলিৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ লগতে বহুতৰ বাবে আদৰ্শ হৈ পৰিছে ৷

By

Published : May 27, 2021, 2:18 PM IST

an-ideal-journalist-of-nitaipukhuri-self-sufficient-by-vegetable-farming
শাক-পাচলি খেতিৰে স্বাৱলম্বী হৈছে এজন সাংবাদিক

মৰাণ, 27 মে’ : নতুন প্ৰজন্মৰ প্ৰায় ভাগে উচ্চ শিক্ষা লাভ কৰি চাকৰি বিচাৰি হাবাথুৰি খাই অৱশেষত চাকৰি লাভ নকৰিলে জীৱনটো শেষ নতুবা অন্ধকাৰ বুলি ভাবি লয় । বহুতৰে মাজত নাই আত্মনিৰ্ভৰ হোৱাৰ প্ৰৱণতা ।‌ কিন্তু এনে এটা সময়তে মৰাণ বিধানসভা সমষ্টিৰ কাষত অৱস্থিত নিতাইপুখুৰী মফচলীয় সাংবাদিক দীপক বৰাই দেখুৱাইছে স্বনিৰ্ভৰশীলতাৰ নিদৰ্শন ।

শাক-পাচলি খেতিৰে স্বাৱলম্বী হৈছে এজন সাংবাদিক

দীপক বৰাই সাংবাদিক হিচাপে সেৱা আগবঢ়োৱাৰ সমান্তৰালভাৱে শাক পাচলিৰ খেতি কৰি বহুতৰ বাবে আদৰ্শ হৈ পৰিছে । কৰ'ণা মহামাৰীৰ ফলত ৰাজ্যত কম বেছি পৰিমাণে সকলো ব্যক্তিয়েই ক্ষতিগ্ৰস্ত হৈছে । বাদ পৰি ৰোৱা নাই সাংবাদিক সকলো । সেয়েহে বাৰীৰ শাক-পাচলি বিক্ৰী কৰি জীৱন ধাৰণ কৰা সাংবাদিক দীপক বৰাই ভোট জলকীয়া, ভেণ্ডি, দাংবডী, তিয়ঁহৰ খেতি কৰি বৰ্তমান সময়ত লাভান্বিত হোৱা বুলি জানিবলৈ দিছে । দীপক বৰাৰ এনে কাৰ্যই বহুতৰ বাবে আদৰ্শ হৈ পৰিছে ।

লগতে পঢ়ক : ক'ভিড সেৱা কেন্দ্ৰৰ জৰিয়তে ক'ভিডাক্ৰান্তক সহায় সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

ABOUT THE AUTHOR

...view details