অসম

assam

By

Published : Jan 3, 2021, 4:17 PM IST

ETV Bharat / state

কল খেতিৰে স্বাৱলম্বিতাৰ নিদর্শন দাঙি ধৰিছে ডিব্ৰুগড়ৰ এজন উদ্যমী যুৱকে

কম মাটিতে কলৰ খেতি কৰি স্বাৱলম্বিতাৰ নিদর্শন দাঙি ধৰিছে এজন নিৱনুৱা যুৱকে ৷ মাত্ৰ দুবিঘা মাটিত কলখেতি কৰি মাহে প্ৰায় ৩০,০০০ টকা উপাৰ্জন কৰি পৰিয়াল পোহপাল দি আহিছে উদ্যমী যুৱকজনে ৷ অঞ্চলটোৰ ৰাইজে বজাৰৰ পৰা কীতনাশক দ্ৰব্য দিয়া কল কিনাৰ সলনি সম্পূৰ্ণ জৈৱিক ভাৱে উৎপাদন কৰা কল ভূষন দাসৰ ঘৰৰ পৰাই ক্ৰয় কৰি আহিছে ৷

An ideal farmer of Dibrugarh
কল খেতিৰে স্বাৱলম্বিতাৰ নিদর্শন দাঙি ধৰিছে ডিব্ৰুগড়ৰ এজন উদ্যমী যুৱকে

মৰাণ,3 জানুৱাৰী: কৃষি কৰ্মৰে স্বাৱলম্বী হোৱাৰ মন মেলিছে ডিব্ৰুগড়ৰ এজন নিৱনুৱা যুৱকে ৷ কলৰ খেতিৰে স্বাৱলম্বীতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে ডিব্ৰুগড় জিলাৰ জকাই কৈৱৰ্ত গাঁৱৰ উদ্যমী যুৱক ভূষণ দাসে ৷ যুৱকজন আনৰ বাবে এতিয়া হৈ পৰিছে এক আদৰ্শ ৷ কম মাটিতে কলৰ খেতি কৰি স্বাৱলম্বী হৈছে ভূষণ দাসে ৷ নিজৰ ঘৰৰ কম মাটিতে কলৰ খেতি কৰি নিজেই বজাৰত বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছে উদ্যমী যুৱকজনে ৷ কীতনাশক দ্ৰব্য বৰ্জন কৰি সম্পূৰ্ণ জৈৱিক ভাৱে উৎপাদন কৰা কলৰ খেতিয়ে এতিয়া উপাৰ্জনৰ মূল পথ হৈ পৰিছে ভূষণ দাসৰ বাবে ৷ দৈনিক কল বিক্ৰী কৰি মাহেকত প্ৰায় 30,000 টকালৈকে উপাৰ্জন কৰিছে উদ্যমী যুৱক জনে ৷

কল খেতিৰে স্বাৱলম্বিতাৰ নিদর্শন দাঙি ধৰিছে ডিব্ৰুগড়ৰ এজন উদ্যমী যুৱকে

উল্লেখ্য যে, যি সময়ত একাংশ যুৱকে চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাব লগা হৈছে, তেনে সময়তে ভূষণ দাসে নিজৰ প্ৰায় দুবিঘা মাটিত কলখেতি কৰি মাহে প্ৰায় ৩০,০০০ টকা উপাৰ্জন কৰিছে ৷ ডিব্ৰুগড় জিলাৰ জকাই কৈৱৰ্তৰ গাঁৱৰ যুৱকজনৰ এনে পদক্ষেপক এতিয়া সকলোৱে শলাগ লোৱাৰ লগতে জকাই অঞ্চলৰ ৰাইজে বজাৰৰ পৰা কীতনাশক দ্ৰব্য দিয়া কল কিনাৰ সলনি ভূষন দাসৰ ঘৰৰ পৰাই কল ক্ৰয় কৰি আহিছে ৷ স্থানীয় যুৱক যুৱতী সকললৈ উদ্যমী যুৱক জনৰ আহ্বান, অনৰ্থক সময় নষ্ট নকৰি কৃষি কৰ্মৰ জৰিয়তে নিজৰ স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰক ৷

লগতে পঢ়ক:অচিন ৰোগত দৃষ্টি শক্তি হেৰুৱালে এগৰাকী শিক্ষকে

ABOUT THE AUTHOR

...view details