ডিব্ৰুগড়,13 ডিচেম্বৰঃডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত লাহোৱাল আৰু ডিব্ৰুগড় খণ্ডৰ সহযোগত লাহোৱাল প্ৰাথমিক বিদ্যালয়ত দেওবাৰে দুই শতাধিক প্ৰাথমিক শিক্ষকৰ উপস্থিতিত সজাগতামূলক সভা অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি পুষ্পধৰ তামুলীৰ সভাপতিত্বত হোৱা সভাত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামী উপস্থিত থাকি প্ৰাথমিক বিদ্যালয়ৰ সমস্যা আৰু ক'ভিডৰ বাবে হোৱা শৈক্ষিক ক্ষতি কেনেকৈ পূৰ কৰিব পাৰি সেই সম্পৰ্কে আলোকপাত কৰে ।
ডিব্ৰুগড়ত জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত সজাগতামূলক সভা - ৰাতুল চন্দ্ৰ গোস্বামী
ডিব্ৰুগড় জিলাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি পুষ্পধৰ তামুলীৰ সভাপতিত্বত হোৱা সভাত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামী উপস্থিত থাকি প্ৰাথমিক বিদ্যালয়ৰ সমস্যা আৰু ক'ভিডৰ বাবে হোৱা শৈক্ষিক ক্ষতি কেনেকৈ পূৰ কৰিব পাৰি সেই সম্পৰ্কে আলোকপাত কৰে ।
![ডিব্ৰুগড়ত জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত সজাগতামূলক সভা ডিব্ৰুগড়ত জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত সজাগতামূলক সভা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9866413-221-9866413-1607866941017.jpg)
তেওঁ বিশেষকৈ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদ সৃষ্টিৰ দীৰ্ঘদিনীয়া দাবীক চৰকাৰে আওকাণ কৰাক তীব্ৰ গৰিহণা দি মুখ্যমন্ত্ৰীৰ আসনক সন্মান কৰিব নজনা চৰকাৰ বুলি কয় । যিহেতু এই প্ৰধান শিক্ষক আৰু স্নাতক শিক্ষকৰ গ্ৰেড পে' ৮৭০০ ৰ বিষয়টোত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভাগলৈ নিৰ্দেশ জাৰি কৰাৰ পাচতো কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ কৰে।
অহা ১৫ ডিচেম্বৰৰ ভিতৰত বিষয়টো সমাধান কৰিবলৈ আহ্বান জনাইছে । অন্যথা আন বিকল্প ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী বাধ্য হ'ব বুলি কয় । সভাত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপ-সভাপতি সুব্ৰত ধৰ, সহ-সম্পাদক শৈলেন কলিতা, সৰ্বভাৰতীয় সদস্য অজিত খনিকৰ, দীপাংকৰ কোঁৱৰ, গুৱাহাটী মহকুমা শিক্ষক সন্মিলনীৰ সভাপতি বিপুল ডাকোৱা, জিলা সম্পাদক পংকজ বৰাৰ লগতে জিলা সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে।
লগতে পঢ়কঃ এতিয়া বিটিআৰত সকলো জাতি-জনগোষ্ঠীয়ে শান্তিৰে দিন কটাব পাৰিব:প্ৰমোদ বড়ো