অসম

assam

ETV Bharat / state

মোডীৰ ছী প্লেন প্ৰকল্পত অন্তৰ্ভূক্ত এগৰাকী অসমীয়া

ছী প্লেন হৈছে পানীতে ৰখাব পৰা অথবা পানীৰ পৰাই উৰণ, অৱতৰণ কৰিব পৰা এক বিমান ৷ ২০১৭ চনত প্ৰধানমন্ত্ৰী মোডীৰ নিৰ্দেশমৰ্মে ৰাণৱেৰ পৰিৱৰ্তে পানীতে ৰখাব পৰা এই বিমানৰ পৰীক্ষণমূলক সেৱা আৰম্ভ কৰা হৈছিল ৷ দুবছৰ ধৰি চলে এই পৰীক্ষা-নিৰীক্ষা ৷ কানাডাৰ পৰা ক্ৰয় কৰা দুটা ইঞ্জিনযুক্ত ছী প্লেন চলাবৰ বাবে প্ৰথমে মালদ্বীপক বাছনি কৰা হৈছিল যদিও কেতবোৰ কাৰণত এয়া হৈ নুঠিল ৷ অৱশেষত পোনপ্ৰথমে গুজৰাটৰ নর্মদা নৈৰ বুকুত এই সেৱা আৰম্ভ কৰি কেৱাডিয়াৰ পৰা আহমেদাবাদলৈকে প্ৰায় ৫০ মিনিট সময় যাত্ৰা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

An assamese boy is in sea plane of modi dibrugarh assam etv bharat news
এগৰাকী অসমীয়াই কঢ়িয়াইছে সুখবৰ

By

Published : Nov 4, 2020, 1:36 PM IST

ডিব্ৰুগড়,4 নৱেম্বৰ:বাস্তৱত পৰিণত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ এটা বৃহৎ প্ৰকল্পত অন্তৰ্ভূক্ত হৈছে ডিব্ৰুগড়ৰ এগৰাকী যুৱক । গুজৰাটৰ নৰ্মদা নৈৰ বুকুত ছী প্লেন সেৱা আৰম্ভ কৰি 2017 চনতে দেখা স্বপ্ন দিঠকত পৰিণত কৰিলে মোডীয়ে । অসমৰ বাবে সুখবৰ তথা গৌৰৱৰ বিষয় যে, এই অত্যাধুনিক ব্যয়বহুল জল পৰিবহণ সেৱা প্ৰকল্পৰ সৈতে কনছালটেণ্ট হিচাপে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে ডিব্ৰুগড়ৰ এগৰাকী সুদক্ষ বিমান চালক । যুৱকগৰাকী হৈছে ডিব্ৰুগড়ৰ চিৰিংচাপৰিৰ প্ৰদীপ শর্মা আৰু ৰঞ্জনা শৰ্মা বৰদলৈৰ পুত্ৰ ৰঞ্জুল শর্মা । দেশত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা ছী প্লেনৰ অন্যতম এগৰাকী ৰূপকাৰ হৈছে ৰঞ্জুল শৰ্মা । স্পাইছজেটৰ জ্যেষ্ঠ বিষয়া অসমৰ শান্তনু কলিতাৰ যোগেদি ছী প্লেন প্ৰকল্প 3 ৰ সৈতে জড়িত হৈ পৰিছিল ডিব্ৰুগড়ৰ যুৱকগৰাকী ।

বিগত ফেব্ৰুৱাৰী মাহৰ পৰা প্ৰত্যক্ষভাৱে মোডীৰ এই সপোনৰ প্ৰকল্পৰ সৈতে জড়িত হৈ পৰিছিল ৰঞ্জুল ৷ বিমান চালনা তথা উৰণৰ ক্ষেত্ৰত থকা পাৰদৰ্শিতা, অভিজ্ঞতা আৰু বিমান সন্দৰ্ভে থকা জ্ঞানৰ বাবেই প্ৰকল্পটোৰ কামত আত্মনিয়োগ কৰিবলৈ ৰঞ্জুলে আমন্ত্ৰণ লাভ কৰে ৷

এগৰাকী অসমীয়াই কঢ়িয়াইছে সুখবৰ

উল্লেখ্য যে, ছী প্লেন হৈছে পানীতে ৰখাব পৰা অথবা পানীৰ পৰাই উৰণ, অৱতৰণ কৰিব পৰা এক বিমান ৷ ২০১৭ চনত প্ৰধানমন্ত্ৰী মোডীৰ নিৰ্দেশমৰ্মে ৰাণৱেৰ পৰিৱৰ্তে পানীতে ৰখাব পৰা এই বিমানৰ পৰীক্ষণমূলক সেৱা আৰম্ভ কৰা হৈছিল ৷ দুবছৰ ধৰি চলে এই পৰীক্ষা-নিৰীক্ষা ৷ কানাডাৰ পৰা ক্ৰয় কৰা দুটা ইঞ্জিনযুক্ত ছী প্লেন চলাবৰ বাবে প্ৰথমে মালদ্বীপক বাছনি কৰা হৈছিল যদিও কেতবোৰ কাৰণত এয়া হৈ নুঠিল ৷ অৱশেষত পোনপ্ৰথমে গুজৰাটৰ নর্মদা নৈৰ বুকুত এই সেৱা আৰম্ভ কৰি কেৱাডিয়াৰ পৰা আহমেদাবাদলৈকে প্ৰায় ৫০ মিনিট সময় যাত্ৰা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ ছী প্লেন সৰ্বাধিক ব্যবহাৰ হয় মালদ্বীপত ৷ গুজৰাটত বর্তমান ভাৰত চৰকাৰ, স্পাইছজেট আৰু গুজৰাট চৰকাৰৰ ত্ৰি-পাক্ষিক প্ৰচেষ্টাৰে আৰম্ভ কৰা হৈছে এই সেৱা ৷

সুখৰ খবৰ যে,পৰৱৰ্তী সময়তো অসমত ছী প্লেন সেৱা আৰম্ভ কৰাৰ বিষয়ে চিন্তা-চৰ্চা চলি আছে ৷ ৰঞ্জুল শৰ্মাই বিগত সময়ছোৱাত প্ৰায় 9 বছৰ কাল এয়াৰফ’ৰ্চত কৰ্মৰত আছিল ৷ উক্ত সময়ছোৱাত ৰঞ্জুলে দক্ষতাৰে চলাইছিল মিগ-২১ বিমানকে ধৰি কেইবা প্ৰকাৰৰ বিমান ৷ ২০০০ চনত নেশ্যনেল ডিফেন্স একাডেমীৰ পৰা উত্তীর্ণ হোৱা ৰঞ্জুল শর্মাই এয়াৰফ’ৰ্চৰ পৰা ২০১১ চনত অব্যাহতি লয় ৷ একমাত্ৰ কৰ্মদক্ষতাৰ বাবে ৰঞ্জুলে এই ছী প্লেন সেৱাত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে ৷

লগতে চাওকঃপ্ৰমোদ বড়োৰ দাবী : মছনদ দখল কৰিব নোৱাৰে বিপিএফে !

ABOUT THE AUTHOR

...view details