মৰাণ, 5 জুলাই : বৰ্তমান ক’ভিডৰ ভয়াৱহ সংক্ৰমণ বৃদ্ধি পাইছে সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৷ কেৱল ডিব্ৰুগড় জিলাৰ মৰাণ আৰু খোৱাঙতে 38 টাকৈ শিশু আক্ৰান্ত হৈছে কৰ'ণাত । যোৰহাটৰ শেহতীয়া ক'ভিড পৰিস্থিতিৰ সন্দৰ্ভত সোমবাৰে সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে ৷ কৰ’ণাৰ দ্বিতীয়টো ঢৌত 18 বছৰৰ তলৰ 200 ৰো অধিক শিশু ক'ভিডত আক্ৰান্ত হৈছে যাৰ বাবে বন্ধ হৈ পৰিছে ৰাজ্যৰ শিশু উদ্যানসমূহ ৷
ডিব্ৰুগড় বলাইৰ এজন চিত্ৰশিল্পীৰ অভিনৱ প্ৰচেষ্টা ৷ চৰকাৰী শিশু উদ্যানসমূহ ধ্বংস হোৱাৰ সময়তে এগৰাকী চিত্ৰশিল্পীয়ে গঢ়ি তুলিছে এখন শিশু উদ্যান ৷ ক’ৰণাৰ দুটা লহৰৰ ভয়াৱহ সংক্ৰমণৰ পাচতেই লক ডাউন আৰু সান্ধ্য আইনৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জিলাখনৰ প্ৰায় সকলো চৰকাৰী শিশু উদ্যান ধ্বংস হৈ পৰা পৰিলক্ষিত হৈছে । তেনে সময়তে ডিব্ৰুগড়ৰ নতুন বলাইৰ এজন চিত্ৰশিল্পীয়ে ব্যতিক্ৰমী চিন্তাধাৰাৰে গঢ়ি তুলিছে এখন শিশু উদ্যান ৷