অসম

assam

ETV Bharat / state

দেবেন দত্তৰ হত্যাৰ প্ৰতিবাদত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত প্ৰতিবাদ - হাতে হাতে মম লৈ ৰাজপথত মৌন সমদল

ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডা: দেবেন দত্তৰ হত্যাৰ প্ৰতিবাদত চিকিৎসালয়খনত প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসকসকলে ৷ চিকিৎসকৰ সুৰক্ষাৰ প্ৰতিবাদত হাতে হাতে মম লৈ ৰাজপথত মৌন সমদল উলিয়াই প্ৰতিবাদী চিকিৎসকসকলে ৷ যোৰহাটৰ বিশিষ্ঠ চিকিৎসক তথা অসম মেডিকেল কলেজৰ প্ৰাক্তন ছাত্ৰ ডা: দেবেন দত্তক টীয়ক চাহ বাগিছাৰ একাংশ উদণ্ড শ্ৰমিকে শনিবাৰে বাগানাৰ চৌহদতে খেদি খেদি মৰিয়াই হত্যা কৰাৰ প্ৰতিবাদত দেওবাৰে নিশা এনেদৰে অসম মেডিকেল কলেজ চৌহদত মৌন সমদলৰ আয়োজন কৰা হয় ৷

দেবেন দত্তৰ হত্যাৰ প্ৰতিবাদত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত প্ৰতিবাদ

By

Published : Sep 2, 2019, 6:07 PM IST

ডিব্ৰুগড়, 2 ছেপ্তেম্বৰ : ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডা: দেবেন দত্তৰ হত্যাৰ প্ৰতিবাদত চিকিৎসালয়খনত প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসকসকলে ৷ চিকিৎসকৰ সুৰক্ষাৰ প্ৰতিবাদত হাতে হাতে মম লৈ ৰাজপথত মৌন সমদল উলিয়াই প্ৰতিবাদী চিকিৎসকসকলে ৷ যোৰহাটৰ বিশিষ্ঠ চিকিৎসক তথা অসম মেডিকেল কলেজৰ প্ৰাক্তন ছাত্ৰ ডা: দেবেন দত্তক টীয়ক চাহ বাগিছাৰ একাংশ উদণ্ড শ্ৰমিকে শনিবাৰে বাগানাৰ চৌহদতে খেদি খেদি মৰিয়াই হত্যা কৰাৰ প্ৰতিবাদত দেওবাৰে নিশা এনেদৰে অসম মেডিকেল কলেজ চৌহদত মৌন সমদলৰ আয়োজন কৰা হয় ৷ মেডিকেল কলেজৰ কনিষ্ঠ চিকিৎসক সন্থাৰ লগতে অন্যান্য চিকিৎসকসকলেও এই বৰ্বৰ হত্যাকাণ্ডৰ তীব্ৰ গৰিহনা দিয়াৰ লগতে দোষীক যথোপযুক্ত শাস্তি বিহিবলৈ দাবী জনায় ।

দেবেন দত্তৰ হত্যাৰ প্ৰতিবাদত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত প্ৰতিবাদ

কনিষ্ঠ চিকিৎসক সন্থাৰ বিষয়ববীয়াই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে - এগৰাকী পিতৃতুল্য ব্যক্তি, যি গৰাকীয়ে অৱসৰৰ পিছতো চাহ শ্ৰমিকসকলক সেৱা কৰাৰ মানসেৰে চিকিৎসা সেৱা আগবঢ়াই আহিছিল, তেনে এগৰাকী সত্তৰোৰ্ধৰ ব্যক্তিক অকাৰনতে অতি বৰ্বৰভাবে হত্যা কৰা হ'ল । তেখতৰ এনে অকাল মৃত্যুত গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক শীঘ্ৰে এক কঠোৰ আইন প্ৰনয়ন কৰাৰ দাবী জনাই প্ৰতিবাদকাৰীয়ে ।

ABOUT THE AUTHOR

...view details