অসম

assam

ETV Bharat / state

অতিমাৰী সংকটকালত এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়াৰ উল্লেখযোগ্য পদক্ষেপ - ডিব্ৰুগড় জিলা প্ৰশাসন

এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়াই ডিব্ৰুগড় জিলা প্ৰশাসনক প্ৰদান কৰিব দুখনকৈ এম্বুলেন্স । শুকুৰবাৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ মাজত এক বুজাবুজি চুক্তি (MoU) স্বাক্ষৰিত হয় ।

dibrugarh
অতিমাৰী সংকটকালত এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়াৰ উল্লেখযোগ্য পদক্ষেপ

By

Published : May 28, 2021, 3:48 PM IST

মৰাণ, ২৮ মে': সমগ্ৰ ৰাজ্য মহমাৰী কৰ'ণাৰ গ্ৰাসত । চৌদিশে মাথো কৰ'ণাৰ সংহাৰ । কৰ'ণাৰ এই সংহাৰৰ মাজতে মাজতে ডিব্ৰুগড়বাসীৰ বাবে এক সুখবৰ । শুকুৰবাৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ মাজত এক বুজাবুজি চুক্তি (MoU) স্বাক্ষৰিত হয় ।

অতিমাৰী সংকটকালত এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়াৰ উল্লেখযোগ্য পদক্ষেপ

ইয়াৰ জৰিয়তে এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়াই ডিব্ৰুগড় জিলা প্ৰশাসনক দুখনকৈ এম্বুলেঞ্চ প্ৰদান কৰিব । এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ প্ৰদান কৰে ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু ডিব্ৰুগড় বিমানবন্দৰৰ সঞ্চালক সঞ্জীৱ কুমাৰ গাৰ্গে । এই সভাত অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপা আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকো উপস্থিত থাকে ।

উল্লেখ্য যে, দেশজুৰি মহামাৰী কৰ'ণাই বিভীষিকাৰ সৃষ্টি কৰিছে । দেশৰ লগতে অসমতো ক্ৰমান্বয়ে কভি'ড পৰিস্থিতি অতি জটিল ৰূপ ধাৰণ কৰিছে । প্ৰত্যেক দিনাই কভি'ডত আক্ৰান্তৰ সংখ্যাই পৰিস্থিতি অতি ভয়ংকৰ কৰি তুলিছে । ৰাজ্যৰ লগতে ডিব্ৰুগড়তো এই জটিল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়াই ডিব্ৰুগড় জিলা প্ৰশাসনক দুখনকৈ এম্বুলেন্স প্ৰদান কৰাৰ কথা ঘোষণা কৰে ।

লগতে পঢ়ক: ৰাজেন গোহাঁইৰ সৈতে কি আলোচনা কৰিলে মন্ত্ৰী ৰণজিৎ দাসে ?

ABOUT THE AUTHOR

...view details