মৰাণ, 24 মে': ৰাজ্যৰ চৌদিশে এতিয়া ক'ভিডৰ ভয়াৱহ পৰিস্থিতি । প্ৰতিদিনাই ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বাঢ়ি গৈ আছে ।
বৃহত্তৰ মৰাণ অঞ্চলত ক'ভিড আক্ৰান্তৰ সংখ্যা প্ৰায় দুই সহস্ৰাধিক ঘৰ স্পৰ্শ কৰো কৰো । আনহাতে, ক'ভিডত আক্ৰান্ত হৈ ১৯ জনৰ মৃত্যু হৈছে । এনে ভয়াৱহ পৰিস্থিতিৰ মাজতে মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাই মঙলবাৰে বৃহত্তৰ মৰাণবাসী ৰাইজৰ বাবে উচৰ্গা কৰিলে এখন নতুন এম্বুলেঞ্চ ।
মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাই ৰাইজৰ বাবে উচৰ্গা কৰিলে এম্বুলেঞ্চ মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাৰ কাৰ্যালয়ত ক'ভিড প্ৰটকল মানি অনুষ্টুপীয়াকৈ আয়োজন কৰা মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাৰ সভাপতি ময়ূৰ বৰাই আঁতধৰা অনুষ্ঠানত মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পাপৰি বৰগোঁহাই উপস্থিত থাকে ৷ মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাই বৃহত্তৰ মৰাণবাসী ৰাইজৰ সেৱাৰ বাবে ২৪ ঘণ্টাই উপলব্ধ হ'বলগীয়া এম্বুলেঞ্চ উচৰ্গা কৰি যি প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে সেয়া আদৰণীয় বুলি উল্লেখ কৰে পাপৰি বৰগোঁহাইয়ে।
আনহাতে, ২৪ ঘণ্টাই ৰাইজৰ সেৱাত উপলব্ধ হ'ব লগীয়া এম্বুলেঞ্চৰ বাবে তিনিটা ফোন নম্বৰ ক্ৰমে ৯৯৫৪৪১৩৬৮৭, ৯৪০১৪৩৫৫৭৮, ৯৯৫৭১৫৭৬২৯ মুকলি কৰে । উল্লেখ্য যে, ক'ভিডৰ ভয়াৱহ পৰিস্থিতিত বৃহত্তৰ মৰাণবাসী ৰাইজৰ এখন নতুন এম্বুলেঞ্চ ২৪ ঘণ্টাই উপলব্ধ হোৱাত ৰাইজে যথেষ্ট উপকৃহ হ'ব বুলি আশা ব্যক্ত কৰিছে ।
লগতে পঢ়ক :মৰাণত প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈ বহিছে বজাৰ