অসম

assam

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 9:48 AM IST

ETV Bharat / state

সোণৰ কণী পৰা হাঁহ হৈ পৰিছে নেকি নামৰূপ সাৰ কাৰখানা ?

Namrup BVFCL: মৃতপ্ৰায় নামৰূপ সাৰ কাৰখানা পুনৰুদ্ধাৰৰ পৰিৱৰ্তে নামৰূপ সাৰ কাৰখানাৰ পৰিচালন সঞ্চালক শিৱ প্ৰসাদ মহান্তিয়ে লুণ্ঠনৰাজ চলোৱাৰ অভিযোগ আছুৰ । নামৰূপ সাৰ কাৰখানাৰ পুঁজি পৈতৃক সম্পত্তিৰূপে ব্যৱহাৰ কৰিছে মহান্তিয়ে । Central Vigilance Officerক লিখিত অভিযোগ দাখিল আছুৰ ।

Looting funds for restoration of Namrup fertilizer factory
Allegations of misutilization of funds in BVFCL

নামৰূপ সাৰ কাৰখানা পুনৰুদ্ধাৰৰ পুঁজি লুণ্ঠন

ডিব্ৰুগড়,২০ ডিচেম্বৰ:উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানা বৰ্তমান চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে মৃতপ্ৰায় অৱস্থালৈ গতি কৰিছে । মৃতপ্ৰায় নামৰূপ সাৰ কাৰখানাক পুনৰুদ্ধাৰ কৰি উত্তৰ-পূৰ্বাঞ্চলসহ বৃহৎ ৰাজহুৱা অনুষ্ঠানটোৰ উন্নয়নৰ আশ্বাসেৰে সাৰ কাৰখানাৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকৰ পদত দায়িত্ব লৈছিল শিৱ প্ৰসাদ মহান্তিয়ে ।

২০২১ চনত সাৰ কাৰখানাৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকৰ পদত দায়িত্ব লোৱা এইগৰাকী পৰিচালন সঞ্চালক শিৱ প্ৰসাদ মহান্তিয়ে সাৰ কাৰখানাটোত লুণ্ঠনৰাজ চলোৱাৰ অভিযোগ আছুৰ । নামৰূপ সাৰ কাৰখানাৰ ৰাজহুৱা সম্পত্তিসমূহ কেৱল চূণ-ৰঙ সানি মৃতপ্ৰায় উদ্যোগৰ টকাৰে বৃহৎ বৃহৎ অনুষ্ঠান আয়োজন কৰি নামৰূপ সাৰ কাৰখানাৰ পুঁজি পৈতৃক সম্পত্তিৰূপে ব্যৱহাৰ কৰিছে মহান্তিয়ে ।

নামৰূপ সাৰ কাৰখানাৰ পৰিচালন সঞ্চালক শিৱ প্ৰসাদ মহান্তিৰ বিৰুদ্ধে ক্ষোভ উজাৰি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৱনী কুমাৰ গগৈয়ে কয়, মহান্তিয়ে নামৰূপ সাৰ কাৰখানাক নিজৰ পৈতৃক সম্পত্তি জ্ঞান কৰি তেখেতৰ পৰিয়ালে গুৱাহাটী অথবা অসমৰ অন্যান্য ঠাইলৈ অৱসৰ বিনোদনত আহিলেও সেই খৰচ সাৰ কাৰখানাই বহন কৰি ৰাজহুৱা ধন অপচয় কৰাৰ সম্পূৰ্ণ তথ্য আছুৰ ওচৰত আছে বুলি ছাত্ৰ নেতাজনে সদৰী কৰে ।

নীতি বৰ্হিভূতভাৱে ৭০০ ডিলাৰ নিয়োগ, ডিলাৰ নিয়োগৰ নামত ধন সংগ্ৰহ, বৃহৎ ৰাসায়নিক সাৰ কেলেংকাৰী সংঘটিত কৰিছে । মহান্তিৰ এই দুৰ্নীতি সন্দৰ্ভত আছুৱে Central vigilance officer ক লিখিত অভিযোগ দাখিল কৰা বুলি জানিবলৈ দিয়ে আছুৰ জিলা সম্পাদকগৰাকীয়ে । আছু নেতা অৱনী কুমাৰ গগৈয়ে আৰু কয় যে, মৃতপ্ৰায় উদ্যোগটোৰ বাবে নিজৰ কাৰ্যকালত কোনো পুঁজি আনিব নোৱাৰা মহান্তিয়ে নামে-বেনামে উদ্যোগটোৰ পৰা কেৱল লুণ্ঠনহে কৰিলে । গতিকে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অতি গুৰুত্বপূৰ্ণ বৃহৎ ৰাজহুৱা উদ্যোগটো কাৰ্যক্ষম কৰিবলৈ নামৰূপ সাৰ কাৰখানাৰ প্ৰতি আৱেগ থকা বিষয়াক পৰিচালকৰ দায়িত্ব দিবলৈ আহ্বান জনায় ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ অৱনী কুমাৰ গগৈয়ে ।

লগতে পঢ়ক:ছয়গাঁৱত ডিজিটেল লাইব্ৰেৰীৰ আধাৰশিলা স্থাপন

ABOUT THE AUTHOR

...view details