অসম

assam

ETV Bharat / state

Corruption in bridge construction : কেন্দ্ৰীয় মন্ত্ৰীৰ গৃহ সমষ্টিত বিষয়া-ঠিকাদাৰৰ লুন্ঠনৰাজ ! - মন্ত্ৰীৰ গৃহ সমষ্টিত বিষয়া ঠিকাদাৰৰ লুন্ঠনৰাজ

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ গৃহ সমষ্টি দুলীয়াজানত বিষয়া ঠিকাদাৰৰ বিৰুদ্ধে লুন্ঠনৰাজৰ অভিযোগ ৷ দুলীয়াজানৰ বৰুৱা তিনিআলিত নেৰানেপেৰা বৰষুণৰ ফলত খহি পৰিল পকী দলঙৰ অংশ ৷ অনিশ্চয়তাৰ মাজেৰে অব্যাহত যাতায়ত ব্যৱস্থা ৷

Corruption in bridge construction
খহি পৰিল নৱনিৰ্মিত পকী দলঙৰ অংশ

By

Published : Jun 24, 2023, 1:04 PM IST

খহি পৰিল নৱনিৰ্মিত পকী দলঙৰ অংশ

ডিব্ৰুগড়, 24 জুন : ৰাজ্য চৰকাৰে শূণ্য সহনশীলতাৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সময়তে ডিব্ৰুগড় জিলাৰ দুলীয়াজান বিধানসভা সমষ্টিত উন্নয়নৰ নামত সংঘটিত হৈছে ব্যাপক অনিয়ম আৰু দুৰ্নীতি । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিষয়া-ঠিকাদাৰক ৰাইজৰ ধন আত্মসাতৰ পৰা আঁতৰত থাকিবলৈ কঠোৰ নিৰ্দেশ দিয়াৰ পাছতো কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ গৃহ সমষ্টি দুলীয়াজানত বিষয়া-ঠিকাদাৰে চলাইছে লুন্ঠনৰাজ । যাৰ বাবে দুলীয়াজানৰ বৰুৱা তিনিআলিত সংঘটিত হ'ল অঘটন । উল্লেখ্য যে, ৰাজ্যত কেবাদিনো ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলতেই নৱনিৰ্মিত পকী দলঙৰ অংশ খহি পৰিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ।

উল্লেখ্য যে, দুলীয়াজানৰ বৰুৱা তিনিআলিৰ পৰা বামুনগাঁও সংযোগী মূল পথৰ ওপৰত দুবছৰ পূৰ্বে প্ৰায় চাৰি কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি উলিওৱা হৈছিল এখন দলং । কিন্তু ঠিকাদাৰে নিম্নমানৰ সা-সামগ্ৰী ব্যৱহাৰ কৰি দলংখন নিৰ্মাণ কৰাৰ বাবে বৰষুণৰ ফলত বৰ্তমান দলঙৰ এটা অংশ খহি গৈছে । যাৰ ফলত যিকোনো মূহুৰ্ততে দুৰ্ঘটনা হোৱাৰ আশংকা প্ৰকট হৈ পৰিছে । আনকি দলঙৰ এটা অংশ খহি পৰাৰ ফলতে এতিয়া অনিশ্চয়তা কঢ়িয়াই লোকসকলে অহা-যোৱা কৰিবলগীয়াত পৰিছে ।

উল্লেখ্য যে, ৰাইজৰ সৈতে কোনোধৰণৰ আলোচনা নকৰাকৈ অপৰিকল্পিতভাৱে দলং নিৰ্মাণৰ কাম ঠিকাদাৰ আৰু বিষয়াই আৰম্ভ কৰিছিল বুলি স্থানীয় লোকে অভিযোগ তোলে ৷ অপৰিকল্পিতভাৱে দলংখন নিৰ্মাণ কৰাৰ বাবেই নিৰ্মাণৰ সম্পূৰ্ণ দুটা বছৰ নৌহওঁতেই দলঙৰ এটা অংশ খহি গৈছে বুলি স্থানীয় লোকে কয় । ৰাইজে মুখ্যমন্ত্ৰীক সমগ্ৰ বিষয়টোত হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে । বৃহৎ পৰিমাণৰ পুঁজিৰ অনুমোদন লাভ কৰি দলংখন নিৰ্মাণ কৰি উলিওৱা হৈছিল যদিও ৰাইজে যাতায়ত কৰিব পৰাকৈ দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰাত এতিয়া বিভাগীয় বিষয়া আৰু ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ গৃহ সমষ্টিত সংঘটিত হোৱা এই ঘটনাৰ তদন্ত হয় নে নহয় সেয়াহে হ’ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় । অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষই দলংখন নিৰ্মাণ কৰি দি যাতায়ত ব্যৱস্থা সুচল কৰি তুলিবলৈ ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক :Four lane Highway at Kaliabor : চাৰিলেনযুক্ত পথ নিৰ্মাণৰ দাবীত উত্তাল ৰাজহুৱা সভাস্থলী

ABOUT THE AUTHOR

...view details