অসম

assam

ETV Bharat / state

Matak Autonomous council: মটক স্বায়ত্ত শাসিত পৰিষদৰ নামত কোটিটকীয়া ৱৰ্ক অৰ্ডাৰ বিতৰণৰ অভিযোগ - Matak Autonomous council head office

দুষ্ট চক্ৰই মটক স্বায়ত্ত শাসিত পৰিষদৰ(Matak Autonomous council) নামত কোটি টকীয়া ৱৰ্ক অৰ্ডাৰ প্ৰস্তুত কৰাৰ অভিযোগ ৷ ডিব্ৰুগড়ৰ মটক স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰি এই কথা ৰাজহুৱা কৰিলে পৰিষদীয় নেতৃত্বই ৷

Matak Autonomous council
মটক স্বায়ত্ত শাসিত পৰিষদৰ নামত কোটিটকীয়া ৱৰ্ক অৰ্ডাৰ বিতৰণৰ অভিযোগ

By

Published : Oct 26, 2022, 10:54 PM IST

ডিব্ৰুগড়, 26 অক্টোবৰ : দুষ্ট চক্ৰই মটক স্বায়ত্ত শাসিত পৰিষদৰ নামত ৪৫০ কোটি টকাৰ ভুৱা ৱৰ্ক অৰ্ডাৰ বিতৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিষদৰ নেতৃত্বই । পৰিষদৰ লেটাৰ পেড, চীল মোহৰ, নথি পত্ৰ ভুৱাকৈ ব্যৱহাৰেৰে বহিৰাগত ঠিকাদাৰক কামৰ আৱণ্টন দিয়াৰ অভিযোগ উত্থাপিত হোৱাৰ পাছতে হতভম্ব হৈ পৰিছে পৰিষদৰ মুখ্য কাৰ্যবাহী ডেভিড চেতিয়া নেতৃত্বাধীন পৰিষদখন (Matak Autonomous council)।

মটক স্বায়ত্ত শাসিত পৰিষদৰ নামত কোটিটকীয়া ৱৰ্ক অৰ্ডাৰ বিতৰণৰ অভিযোগ

চক্ৰটোক উৎখাত কৰাত সকলোৰে সহযোগিতা বিচাৰি বুধবাৰে ডিব্ৰুগড়স্থিত মুখ্য কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰিলে পৰিষদৰ নেতৃত্বই (Matak Autonomous council head office)। সংবাদমেলত জানিবলৈ দিয়ে যে, এই দুষ্ট চক্ৰৰ বিৰুদ্ধে আইনৰ কাষ চাপিব মটক স্বায়ত্ত পৰিষদ । দুষ্ট চক্ৰটোৱে জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ লক্ষ্যৰে নীতি বহির্ভূতভাৱে কিছুমান কাম-কাজ কৰি অহাৰ কথা প্ৰকাশ কৰিছে মটক স্বায়ত্ত শাসিত পৰিষদে (Fake work order of Matak Autonomous council)। যাক লৈ পৰিষদ বিপাঙত পৰিবলগীয়া হৈছে ।

"নতুনকৈ গঠিত মটক স্বায়ত্ত শাসিত পৰিষদলৈ বাৰ্ষিক কিমান ধন চৰকাৰে মুকলি কৰি দিছে সেয়া সকলোৰে জ্ঞাত । তেনে অৱস্থাত বৃহৎ পৰিমাণৰ ধন উল্লেখ থকা কামৰ ৱৰ্ক অৰ্ডাৰ লৈ আমাৰ ওচৰলৈ যেতিয়া ঠিকাদৰী প্ৰতিষ্ঠানৰ লোক আহে আমি হতবাক হওঁ । কাৰণ মটক স্বায়ত্ত শাসিত পৰিষদৰ পৰা তেনে ৱৰ্ক অৰ্ডাৰ প্ৰদান কৰা হোৱা নাই "। এইদৰে কয় পৰিষদৰ বিষয়ববীয়াই ৷

আনহাতে যদি তেনে ভুৱা ৱৰ্ক অৰ্ডাৰ দৃষ্টিগোচৰ হয়, তেন্তে অতি শীঘ্ৰে কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিষদে । সংবাদমেল অনুষ্ঠিত কৰি এই কথা প্ৰকাশ কৰে মটক স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী ডেভিড চেতিয়া, অধ্যক্ষ সৰুজ গোঁহাই, উপাধ্যক্ষ দেৱৠষি চেতিয়া, কাৰ্যবাহী সদস্য বিমল বৰুৱাই ৷

লগতে পঢ়ক :GMC Scam: বোকা নিষ্কাশন কেলেংকাৰীৰ ৯ অভিযুক্তক জে'ললৈ

ABOUT THE AUTHOR

...view details