ডিব্ৰুগড়, ২৩ আগষ্ট:ৰোগীৰ জীৱনক লৈ ল'ৰা ধেমালি কৰি ৰোগীক মৃত্যুমুখলৈ ঠেলি দিয়াৰ ঘটনা প্ৰায়ে সংঘটিত হয় ডিব্ৰুগড়ত । উপযুক্ত চিকিৎসক, চিকিৎসাৰ বাবে প্ৰয়োজনীয় যন্ত্ৰ-পাতি নথকাকৈ চলি আছে একাংশ নাৰ্ছিং হোম । বহুকেইখন নাৰ্ছিং হোমত ৰোগী সুস্থ হোৱাৰ পৰিৱৰ্তে অধিক অসুস্থ আৰু কিছুৰ মৃত্যু হোৱাৰ খবৰ ওলাই আছে যদিও এই নাৰ্ছিংহোমসমূহক নাকী লগাবলৈ আজিও সক্ষম নহয় স্বাস্থ্য বিভাগ ।
ইয়াৰ মাজতে ডিব্ৰুগড়ত পুনৰ চিকিৎসকৰ গাফিলতিত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই । এইবাৰ চকুৰ অস্ত্ৰোপচাৰ কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই । ডিব্ৰুগড়ৰ দক্ষিণ আমোলাপট্টিৰ দৃষ্টি নেত্ৰালয়ত সংঘটিত হৈছে এই কৰুণ ঘটনা । চিকিৎসকৰ চৰম গাফিলতিৰ পৰিণতিতে নিশা প্ৰাণ হেৰুৱাবলগীয়া হয় মৰাণৰ অৰুণিমা শেনছোৱা নামৰ ৬৮ বছৰীয়া মহিলাগৰাকীয়ে ।
পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি চকুৰ চিকিৎসাৰ বাবে অপাৰেচন থিয়েটাৰলৈ নিয়া ২০ মিনিটৰ পিছতে স্বাস্থ্যৰ অৱনতি ঘটিছিল অৰুণিমাৰ । সংকটজনক অৱস্থাত অৰুণিমাক অপাৰেচন থিয়েটাৰৰ পৰা উলিয়াই আনি অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । ইফালে মহিলাগৰাকী ডায়েবেটিচ ৰোগতো আক্ৰান্ত হৈ আছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ।