ডিব্ৰুগড়, 11 নৱেম্বৰ : ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী আৱাস যোজনা (PMAY) গৃহ নিৰ্মাণত কোনো ধৰণৰ দুৰ্নীতি সংঘটিত হ'ব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশ দিয়াৰ পাছতো চৰকাৰী আবাস গৃহ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে মৰাণত ৷ মৰাণ সমষ্টিৰ দিখাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৭ নং ৱাৰ্ডৰ ১ নং মিৰিহোলাত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে ।
সাংবাদিকৰ কেমেৰাৰ সন্মুখতে হিতাধিকাৰী আৰু ৱাৰ্ড মেম্বাৰৰ মাজত সৃষ্টি হ’ল তীব্ৰ বাক-বিতণ্ডা (Tense situation at Moran)। মৰাণৰ মিৰিহোলাৰ মামনি বেগম নামৰ হিতাধিকাৰীগৰাকীয়ে তোলা অভিযোগ অনুসৰি তেওঁ চৰকাৰৰ পৰা লাভ কৰা গৃহটো নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰিছে ৱাৰ্ড মেম্বাৰ জয়া বৰুৱাই । মামনি বেগমে কৰা অভিযোগ অনুসৰি তেওঁৰ পৰিয়ালৰ নামত অহা গৃহটো নিৰ্মাণৰ দায়িত্ব লৈছিল ৱাৰ্ড মেম্বাৰ জয়া বৰুৱাই ।
ঠিকাদাৰৰূপী ৱাৰ্ড মেম্বাৰগৰাকীয়ে পৰিয়ালটোৰ কোনো কথাত গুৰুত্ব নিদি তিনিডাল ৰডেৰে খুঁটাসমূহ নিৰ্মাণ কৰাৰ লগতে তিনি ইঞ্চি ৱালেৰে গৃহটো প্ৰায় সম্পূৰ্ণকৈ গাঁঠি পেলায় (PMAY scheme scam at Moran)। গৃহটোত প্লাষ্টাৰৰ কোনো অনুমতি নাই বুলি কোৱাত হতভম্ব হৈ পৰে পৰিয়ালটো ৷ কাৰণ কোনোমতে নিৰ্মাণ কৰা গৃহটোৰ ৱালসমূহ এতিয়াও লৰি থাকে ।