অসম

assam

ETV Bharat / state

বাগ্মীবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অৰাজক পৰিস্থিতি - Inspector Of Schools Dibrugarh

ডিব্ৰুগড়ৰৰ বাগ্মীবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষাৰ বিৰুদ্ধে উত্থাপিত হৈছে বহুকেইটা গুৰুতৰ অভিযোগ (Allegation of corruption against school principal in Dibrugarh) ৷ অধ্যক্ষাগৰাকীৰ বিৰুদ্ধে বিদ্যালয় পৰিদৰ্শকৰ ওচৰত ইতিমধ্যে দাখিল কৰা হৈছে লিখিত অভিযোগ ৷

Allegation against principal
অধ্যক্ষাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

By

Published : Dec 2, 2021, 10:45 PM IST

ডিব্ৰুগড়, 2 ডিচেম্বৰ : ডিব্ৰুগড়ৰৰ বাগ্মীবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়(Bagmibor Nilomoni Phukan H S School Dibrugarh)ত সৃষ্টি হৈছে অৰাজক পৰিস্থিতিৰ । বিদ্যালয়খনৰ অধ্যক্ষা মিনাক্ষী ফুকনৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে ক্ষুন্ন হৈ পৰিছে পৰিচালনা সমিতিৰ লগতে একাংশ শিক্ষক (Allegation against principal of Bagmibor Nilomoni Phukan H S School)। অধ্যক্ষাগৰাকীৰ বিৰুদ্ধে বিদ্যালয় পৰিদৰ্শকক ইতিমধ্যে দাখিল কৰা হৈছে লিখিত অভিযোগ ।

অধ্যক্ষা মিনাক্ষী ফুকন বিদ্যালয়ত সময়মতে উপস্থিত নোহোৱা, অনিয়মীয়া উপস্থিতি, শিক্ষকসকলৰ বিল সময়মতে প্ৰস্তুত নকৰা, কাৰ্যালয়ৰ ভিতৰৰ কামকাজ এগৰাকী সহকাৰী শিক্ষকৰ দ্বাৰা কৰোৱা আদি বহুখিনি অভিযোগ উল্লেখ কৰা হৈছে অভিযোগপত্ৰখনত ৷ আনকি এইগৰাকী শিক্ষয়িত্ৰীৰ বিৰুদ্ধে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিক বলপূৰ্বকভাৱে খালি চেকত চহী কৰোৱাব বিচৰাৰো অভিযোগ উত্থাপন হৈছে ।

অধ্যক্ষাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

ইয়াৰোপৰি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিক নিমন্ত্ৰণ নকৰাকৈ পৰিচালনা সমিতিৰ সভা আহ্বান কৰি সমিতি পুনৰ নিৰ্মাণ কৰা আদিকে ধৰি অসংখ্য অভিযোগ অধ্যক্ষাগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে । শেহতীয়াকৈ অধ্যক্ষাৰ কাৰ্যত ক্ষুন্ন হৈ আৰু কেতবোৰ বিত্তীয় বিসংগতিৰ অভিযোগ আনি পৰিচালনা সমিতিৰ সভাপতিয়ে ইতিমধ্যে তিনিখনকৈ চেকত স্বাক্ষৰ প্ৰদান কৰা নাই । ইতিমধ্যে সমগ্ৰ অভিযোগ সন্দৰ্ভত ডিব্ৰুগড়ৰ বিদ্যালয় পৰিদৰ্শক(Inspector Of Schools Dibrugarh)কে অধ্যক্ষাগৰাকীলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে ।

এই সন্দৰ্ভত বিদ্যালয়ৰ অধ্যক্ষাগৰাকীয়ে কেমেৰাৰ সন্মুখত মতামত দিয়াৰ পৰা বিৰত থকাৰ বিপৰীতে পৰিচালনা সমিতিৰ সভাপতি ভাৰত দাসে সংবাদ মাধ্যমৰ আগত অধ্যক্ষাগৰাকীৰ বিৰুদ্ধে উত্থাপিত হোৱা সকলো অভিযোগ সত্য বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক:Mob Lynching in Jorhat : অভিযুক্তক চিনাক্তকৰণৰ বাবে ৰাইজলৈ আহ্বান আৰক্ষী অধীক্ষকৰ

ABOUT THE AUTHOR

...view details