অসম

assam

ETV Bharat / state

মাহমৰাত নিৰ্বাচনী হিংসা: মন্ত্ৰী যোগেন মহন জড়িত থকাৰ অভিযোগ - assam election

ৰকিবুল হুছেইনৰ প্ৰচাৰ সভাত মন্ত্ৰী যোগেন মহনৰ নেতৃত্বত গুণ্ডা বাহিনীয়ে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ অভিযোগ মাহমৰাৰ কংগ্ৰেছ প্ৰাৰ্থী সূৰুজ দিহিঙীয়াৰ ৷ গুণ্ডা বাহিনীৰ সহায়ত মন্ত্ৰী মহনে নিৰ্বাচনত জয়ী হোৱাৰ চেষ্টা কৰিছে বুলি অভিযোগ কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ ৷ এজাহাৰ দাখিল কৰাৰ লগতে নিৰ্বাচনী আয়োগলৈ পত্ৰ প্ৰেৰণ দিহিঙীয়াৰ ৷

allegation against minister jogen mahan in connection with election related conflict
মাহমৰাত নিৰ্বাচনী হিংসা : মন্ত্ৰী যোগেন মহন জড়িত থকাৰ অভিযোগ

By

Published : Mar 20, 2021, 8:59 PM IST

মৰাণ,20 মাৰ্চ:গুণ্ডা বাহিনীৰ সহযোগত মন্ত্ৰী যোগেন মহনে নিৰ্বাচনী বৈতৰণী পাৰ হ'ব খোজা বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মাহমৰাৰ কংগ্ৰেছ প্ৰাৰ্থী সূৰুজ দিহিঙীয়াই ৷ শুকুৰবাৰে সন্ধিয়া চৰাইদেউ জিলাৰ অন্তৰ্গত 105 নং মাহমৰা সমষ্টিৰ দিৰৈ ৰাঙলীত কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থী সূৰুজ দিহিঙীয়াৰ নিৰ্বাচনী প্ৰচাৰ সভাত এক অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ হোৱাৰ পাছতে দিহিঙীয়াই এই অভিযোগ উত্থাপন কৰিছে ৷

মন্ত্ৰী যোগেন মহনৰ নেতৃত্বত গুণ্ডা বাহিনীয়ে কংগ্ৰেছৰ প্ৰচাৰ সভাত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা বুলি অভিযোগ কৰাৰ লগতে যোগেন মহনৰ গুণ্ডা বাহিনীয়ে গাড়ীত শিল মাৰি ভঙাৰ লগতে কংগ্ৰেছ কৰ্মীসকলকো গুৰুতৰভাৱে আহত কৰা বুলি কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে অভিযোগ উত্থাপন কৰে ৷

মাহমৰাত নিৰ্বাচনী হিংসা : মন্ত্ৰী যোগেন মহন জড়িত থকাৰ অভিযোগ

এই ঘটনা সংঘটিত হোৱাৰ পাছতে শনিবাৰে মাহমৰাৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰী মহনৰ বিৰুদ্ধে আক্ৰমণত জড়িত থকাৰ অভিযোগ উত্থাপন কৰে ৷ ঘটনা সন্দৰ্ভত তেওঁ ইতিমধ্যে আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰাৰ লগতে নিৰ্বাচন আয়োগলৈও পত্ৰ প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:হোজাইত কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাজত সংঘাত

ABOUT THE AUTHOR

...view details