টিংখাং,12 জানুৱাৰী: অসমত ছয় জনগোষ্ঠী ক্ৰমে মৰাণ, মটক, চুতীয়া, চাহ-জনগোষ্ঠী, আহোম, কোচ-ৰাজবংশীৰ জনজাতিকৰণ ইতিমধ্যে সম্পন্ন হৈছে ৷ সোমবাৰে শিলচৰত অংশগ্ৰহণ কৰা বিজেপিৰ সংকল্প ৰেলীত এই মন্তব্য কৰিছিল বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে.পি.নাড্ডাই ৷ বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীৰ এই মন্তব্যক লৈ এতিয়া সৰৱ হৈ পৰিছে ছয় জনগোষ্ঠী ৷ জে.পি.নাড্ডাৰ এই মন্তব্যক লৈ মঙলবাৰে টিংখাঙৰ ৰাজগড়ত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ৰাজগড় আঞ্চলিক সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ : নাড্ডাৰ মন্তব্যৰ বিৰুদ্ধে সৰৱ টাই আহোম ছাত্ৰ সন্থা - ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ নাড্ডাৰ মন্তব্য
সোমবাৰে শিলচৰত অংশগ্ৰহণ কৰা বিজেপিৰ সংকল্প ৰেলীত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পন্ন হোৱা বুলি জে.পি. নাড্ডাই কৰা মন্তব্যক লৈ সৰৱ সদৌ টাই আহোম ছাত্ৰ সন্থা ৷ মঙলবাৰে টিংখাঙৰ ৰাজগড়ত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ ৰাজগড় আঞ্চলিক সমিতিয়ে ৷

ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ নাড্ডাৰ মন্তব্যৰ বিৰুদ্ধে সৰৱ টাই আহোম ছাত্ৰ সন্থা
ৰাজগড়ত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ
কেৱল নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই ৰাইজক মোহিত কৰাৰ উদ্দেশ্যে নাড্ডাই এই মন্তব্য কৰা বুলি ক্ষোভ উজাৰিছে টাই আহোম ছাত্ৰ সন্থাৰ ৰাজগড় আঞ্চলিক সমিতিয়ে ৷ ছয় জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰক লৈ এনেধৰণৰ মন্তব্য কৰাৰ পৰা অনাগত দিনত বিৰত থাকিবলৈ বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীৰ লগতে দলটোৰ অন্যান্য সদস্য সকলকো সকীয়াই দিয়ে টাই আহোম ছাত্ৰ সন্থাই ৷ মঙলবাৰে সংগঠনটোৰ সদস্যসকলে হাতে হাতে প্লে’কাৰ্ড লৈ চৰকাৰবিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷