ডিব্ৰুগড় : ডিব্ৰুগড়ত ক'ভিড-19ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা প্ৰায় প্ৰতিগৰাকী ৰোগীয়েই সুস্থ বুলি জানিবলৈ দিছে যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ নৱজ্যোতি গগৈয়ে।ই টিভিৰে হোৱা এটি আছুতীয়া সাক্ষাৎকাৰত যুটীয়া স্বাস্থ্য সঞ্চালক গৰাকীয়ে কয় যে যদিও তেওঁলোক ক'ভিড-19 আক্ৰান্ত কিন্তু তেওঁলোকৰ দেহত কোনো লক্ষণেই পোৱা নাই চিকিৎসাধীন অৱস্থাত।
ডিব্ৰুগড়ত চিকিৎসাধীন ক'ভিড-19 আক্ৰান্ত সকলৰ দেহত নাই কোনো লক্ষণ
ডিব্ৰুগড়ত ক'ভিড-19ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা প্ৰায় প্ৰতিগৰাকী ৰোগীয়েই সুস্থ ৷ অৱশ্যে তেওঁলোকৰ কিছুসংখ্যকৰ চিকিৎসাধীন অৱস্থাত দ্বিতীয় বাৰ পৰীক্ষা কৰাৰ পাচতো ক'ভিড-19ৰ উপস্থিতি পোৱা গৈছে ৷
covid 19
চিকিৎসাধীন অৱস্থাত তেওঁলোকক এটা কাহ মৰাও দেখা যোৱা নাই ৷ সম্পূৰ্ণৰূপে সুস্বাস্থ্যৰ গৰাকী হৈ আছে এই সকল লোক। এই কথা সদৰি কৰে স্বাস্থ্য সঞ্চালক গৰাকীয়ে । অৱশ্যে তেওঁলোকৰ কিছুসংখ্যকৰ চিকিৎসাধীন অৱস্থাত দ্বিতীয় বাৰ পৰীক্ষা কৰাৰ পাচতো ক'ভিড-19ৰ উপস্থিতি পোৱা গৈছে বুলি জনায় ডাঃ নৱজ্যোতি গগৈয়ে ৷