মৰাণ, 27 এপ্ৰিল :চুমিলা ৰংহাংপীৰ হত্যাকণ্ডক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া-প্ৰতিবাদ অব্যাহত আছে যদিও এই পৰ্যন্ত কোনো এজন লোকেই সাব্যস্ত হোৱা নাই দোষী হিচাপে ৷ চুমিলা ৰংহাংপীৰ হত্যাৰ ন্যায় বিচাৰি আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম মটক ছাত্ৰ সন্থাই ৷
সংগঠনটোৰ হৈ কেন্দ্রীয় সাঃ সম্পাদক ৰাতুল গগৈয়ে কয়, এই ঘটনাৰ লগত জড়িত সকলক কঠোৰ শাস্তি দিব লাগে । অসমত বহু অপৰাধীয়ে অপৰাধ কৰিও কোনো শাস্তি নোপোৱাকৈ মুকলি আকাশৰ তলত ঘূৰি ফুৰিব পাৰে ৷ যাৰ ফলত দিনক দিনেই এই ধৰণৰ অপৰাধজনিত ঘটনা সমূহ বৃদ্ধি পাই আছে বুলি ক্ষোভ প্ৰকাশ কৰে ৰাতুল গগৈয়ে ৷
চুমিলা ৰংহাংপীৰ ন্যায় বিচাৰিলে সদৌ অসম মটক ছাত্ৰ সন্থাই ইফালে এই ঘটনাৰ সন্দৰ্ভত সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছে ৷ সামাজিক মাধ্যম বিশেষকৈ ফেচবুকত প্ৰতিজন লোকেই চুমিলা ৰংহাংপীক ন্যায় প্ৰদানৰ দাবী উত্থাপন কৰা দেখা গৈছে ৷
উল্লেখ যে, যোৱা বৃহস্পতিবাৰে নগাঁৱৰ ৰহাৰ খাইগড়ৰ নিবাসী প্ৰকাশ বৰঠাকুৰ নামৰ লোকজনৰ বাসগৃহত বনকৰা কিশোৰী হিচাপে থকা চুমিলা ৰংহাংপীৰ মৃতদেহ অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ কৰা হৈছিল ৷ ইয়াৰ পাচতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল সৰ্বত্ৰে ৷ লগতে প্ৰকাশ বৰঠাকুৰৰ পৰিয়ালে কিশোৰীগৰাকীক জ্বলাই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷
লগতে পঢ়ক: ইটিভি নেটৱৰ্কৰ নৱতম সংযোজন ইটিভি বাল্য ভাৰত মুকলি