কেন্দ্ৰই মাহী আই দৃষ্টিৰে অসমক চোৱা বন্ধ কৰক নাহৰকটীয়া, 15 আগষ্ট: নীতি আয়োগে নামৰূপ সাৰকাৰখানা বন্ধৰ পৰামৰ্শৰ পাচতে ৰাজ্যজুৰি প্ৰতিবাদ সব্যস্ত কৰিছিল দল-সংগঠনে ৷ নামৰূপ সাৰকাৰখানা বন্ধৰ বিৰোধিতাৰে অসমত গণতান্ত্ৰিক আন্দোলনৰ পাচতে সুৰ সলাবলৈ বাধ্য হ’ল কেন্দ্ৰীয় চৰকাৰ ৷ নামৰূপ সাৰ কাৰখানাৰ সন্দৰ্ভত কেন্দ্ৰীয় সাৰমন্ত্ৰী মনসুখ মাণ্ডিভিয়াই সাৰকাৰখানাৰ বন্ধ নহয়, ইয়াৰ আধুনিকীকৰণ আৰু নেন’ ইউৰিয়া প্ৰকল্পহে স্থাপন হ’ব বুলি মন্তব্য কৰিছিল ৷
কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ প্ৰতিশ্ৰুতিৰ পাচতো সন্তুষ্ট হ’ব পৰা নাই দল-সংগঠন ৷ সেয়ে নামৰূপ সাৰকাৰখানৰ মুখ্য প্ৰৱেশদ্বাৰত প্ৰতিবাদ অব্যহাত ৰাখিছে দল-সংগঠনে ৷ সোমবাৰে নামৰূপ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশ দ্বাৰৰ সন্মুখত সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ নাহৰকটীয়া আঞ্চলিক সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।
স্থানীয় ৰাইজ আৰু শ্ৰমিক ইউনিয়নৰ সহযোগত প্ৰায় অৰ্ধশতাধিক প্ৰতিবাদকাৰীয়ে সাৰকাৰখানাৰ তৃতীয়টো গোট মেৰামতি আৰু চতুৰ্থ উৎপাদন গোট স্থাপনৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ নামৰূপ সাৰকাৰখানাৰ চতুৰ্থ গোট স্থাপন কৰক, কেন্দ্ৰীয় চৰকাৰে মাহী আই দৃষ্টিৰে চোৱা বন্ধ কৰক, নিটি আয়োগৰ পৰামৰ্শ সলনি কৰক আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি প্ৰতিবাদকাৰীসকলে ৷
প্ৰতিবাদস্থলীৰ পৰাই সংগঠনটোৰ নাহৰকটীয়া আঞ্চলিক সমিতিৰ সভাপতি জাকিৰ হুচেইন বড়াই কয় যে, আমাৰ ইতিহাস আছে, অসমবাসীয়ে আন্দোলন নকৰাকৈ আজিলৈকে একোৱে পোৱা নাই । ভাষাৰ বাবে অস্তিত্বৰ বাবে সম্পদৰ বাবে অসমে সদাই সংগ্ৰাম কৰিব লগা হৈছে । বহিঃৰাজ্যত বন্ধ হৈ থকা সাৰ উদ্যোগ নৱীকৰণৰ কৰি পুনৰ উজ্জীৱিত কৰা হৈছে ৷ কিন্তু অসমত উৎপাদনক্ষম সাৰ উদ্যোগটোক বন্ধ কৰাৰ পৰিকল্পনা কৰা হৈছে । যিটো সাৰ উদ্যোগে কৃষি প্ৰধান ভাৰতবৰ্ষৰ কৃষকৰ চাহিদা পূৰণ কৰিছে নিজা উৎপাদনৰে দেশৰ অৰ্থনীতিক তনকিয়াল কৰিছে তেনে এটা জাতীয় উদ্যোগৰ চতুৰ্থ উৎপাদন গোট এটাৰ বাবে ২০০৬ চনৰ পৰা অসমীয়াই আন্দোলন কৰিব লগীয়া হৈছে ৷ যি কাৰ্যই কেন্দ্ৰত থকা চৰকাৰে অসমীয়াক আলৈ-আথানি কৰাৰ চৰিত্ৰটো বাৰুকৈয়ে উদঙাই দিছে বুলি মন্তব্য কৰে বড়াই ।
লগতে পঢ়ক:AASU Protest at Namrup : নামৰূপ সাৰ কাৰখানা বন্ধৰ বিৰোধিতাৰে নামৰূপত আছুৰ অনশন কাৰ্যসূচী