মৰাণ, 25 ছেপ্টেম্বৰ :উপ নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও থাওৰা সমষ্টিত প্ৰচাৰ তুংগত কৰি তুলিছে অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দলে । ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰক লগত লৈ অখিল গগৈয়ে প্ৰতিদিনে সমষ্টিটোত কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি থাওৰাত ৰাইজৰ দলক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।
শুকুৰবাৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এখন সংবাদমেল সম্বোধন কৰি বিগত সময়ত চৰকাৰে উন্নয়নৰ নামত থাওৰাত ব্যাপক দুৰ্নীতি সংঘটিত কৰা বুলি অভিযোগ তোলে ৷ তদুপৰি চৰকাৰৰ ভূমিকাক তীব্ৰ ভাষাৰে সমালোচনা কৰে গগৈয়ে ৷ অখিল গগৈয়ে লগতে কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰচাৰ চলাইছে বিজেপি চৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি গ্ৰহণ কৰা বুলি ৷ কিন্তু থাওৰা সমষ্টিৰ প্ৰতিটো বিভাগতে ভয়ানক দুৰ্নীতি সংঘটিত হৈছে ।