অসম

assam

ETV Bharat / state

অখিল গগৈৰ মুক্তি আৰু 'CAA' বাতিলৰ দাবীত বগীবিলত প্ৰতিবাদ - মৰাণ বিধানসভা সমষ্টিৰ বগীবিলৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বগীবিল আঞ্চলিকৰ উদ্যোগত আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন ৷ অখিল গগৈক মুক্তি আৰু CAAবাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ ৷ চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তল কৰিলে প্ৰতিবাদকাৰীসকলে ৷

akhil-gogoi-relese-and-caa-postpond-dimand-protest-aginest-kishak-mukti-sangram-samiti-and-ajycp-at-bogibeel
অখিল গগৈৰ মুক্তি আৰু 'CAA' বাতিলৰ দাবীত বগীবিলত প্ৰতিবাদ

By

Published : Jul 28, 2020, 8:49 AM IST

মৰাণ,২8 জুলাইঃ ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ বগীবিলৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত 27 জুলাইত অখিল গগৈৰ মুক্তি আৰু CAA বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বগীবিল আঞ্চলিকৰ উদ্যোগত আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহযোগত ৰূপায়ন কৰা মানৱ শৃংখল কাৰ্যসূচীত অঞ্চলটোৰ প্ৰায় ডেৰ শতাধিক লোকে অংশগ্ৰহণ কৰে ।

প্ৰতিবাদকাৰী সকলে হাতে-হাতে প'ষ্টাৰ আৰু প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গান দি বগীবিলৰ পৰিৱেশ উত্তাল কৰি তোলে । CAA বিৰোধী আন্দোলনৰ অন্যতম নেতা তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈক শীঘ্ৰে কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ লগতে সংশোধিত নাগৰিকত্ব আইন শীঘ্ৰে বাতিল কৰিবলৈ প্ৰতিবাদকাৰী সকলে চৰকাৰক দাবী জনায় ।

প্ৰতিবাদত অংশগ্ৰহণ কৰি কৃষক মুক্তিৰ ডিব্ৰুগড় জিলা সমিতিৰ যুটিয়া সম্পাদক হেমন্ত কোঁ‌ৱৰে কয় যে, চৰকাৰখনে আক্ৰোশমূলকভাৱে সম্পূৰ্ণ ফেচীবাদী মনোভাৱেৰে কিছুমান মনে সজা ভিত্তিহীন গোচৰত অখিল গগৈক কাৰাৰুদ্ধ কৰি ৰাখিছে ৷ ৰাজ্য চৰকাৰে গণতান্ত্ৰিক আন্দোলনৰ পৰিভাষাক নস্যৎ কৰাই নহয় অখিল গগৈৰ সৈতে চৰকাৰে ব্যক্তিগত ভাৱেও আক্ৰোশমূলক নীতি লৈ অন্যায় অবিচাৰ কৰিছে । এইয়া অতি লজ্জাজনক আৰু দুভাগ্যজনক কথা বুলি নেতাজনে উল্লেখ কৰে ।

ইপিনে এই প্ৰতিবাদী কৰ্যসূচীত কৃষক মুক্তিৰ ডিব্ৰুগড় জিলা সমিতিৰ নেতা শচি শেনচোৱা, লেজাই-কলাখোৱা আঞ্চলিকৰ সম্পাদিকা পাৰিজাত বুঢ়াগোহাঁ‌ই, মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলা সমিতিৰ নেতা মনোজ দোৱৰা, জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদ আৰু মটক সন্মিলনৰ কেইবাজনো নেতা উপস্থিত থাকি বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ।


লগতে পঢ়কঃ আইৰ সমান হ'ব কোন, নৈৰ সমান ব'ব কোন ?

ABOUT THE AUTHOR

...view details