ডিব্ৰুগড়, 7আগষ্টঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতা আৰু অখিল গগৈৰ মুক্তিৰ দাবীত বিভিন্ন দল সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী ৷ শুকুৰবাৰে ডিব্ৰুগড়ৰ মোহনবাৰী তিনিআলিত মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লাহোৱাল আঞ্চলিক সমিতিয়ে ।
অখিল গগৈৰ মুক্তি আৰু CAA বাতিলৰ দাবীত লাহোৱালত মানৱ শৃংখল
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লাহোৱাল আঞ্চলিক সমিতিয়ে অখিল গগৈৰ মুক্তি আৰু CAA বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷
অখিল গগৈ মুক্তি আৰু CAA বাতিলৰ দাবীত লাহোৱালত মানৱ শৃংখল
সংগঠনটোৱে CAA আমি নামানো, CAA বাতিল হ'বই লাগিব, কৃষক নেতা অখিল গগৈক মুক্তি দিবই লাগিব আদি শ্ল'গানেৰে মোহনবাৰী চৌপাশৰ পৰিবেশ উত্তাল কৰি তোলে । এই কাৰ্যসূচীত ডিব্ৰুগড় জিলাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক প্ৰিয়ব্ৰত গোঁহাই, উপদেষ্টা উদয়ন বৰুৱা, কিশোৰ বৰুৱাৰ আদিকে ধৰি লাহোৱাল অঞ্চলৰ বিভিন্ন প্ৰান্তৰৰ প্ৰায় পাঁচ শতাধিক যুৱ ছাত্ৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷
লগতে পঢ়কঃৰামভক্তক বাবৰ ভক্তৰ আক্ৰমণঃ অশোক সিংঘাল