মৰাণ, ৬মে: ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধী শক্তিৰ এজনেই প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ'ব বুলি মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ (MLA Akhil Gogoi on opposition candidate)। মঙলবাৰে ডিব্ৰুগড়ত এইদৰে মন্তব্য় কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে । ডিব্ৰুগড়ৰ বৰবৰুৱা চ্যুকাফা ভৱনত অনুষ্ঠিত ৰাইজৰ দলৰ সাংগঠনিক বৈঠকত অংশগ্ৰহণ বিধায়ক অখিল গগৈয়ে এইদৰে মন্তব্য় কৰে (Barbarooah Sukapha Bhawan in Dibrugarh)।
ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে এ আই ইউ ডি এফ সাম্প্ৰদায়িক দল বুলি মন্তব্য় কৰি এই দলটোক কোনোপধ্যে বিশ্বাস কৰিব নোৱাৰি বুলি কয় (Meeting of Raijor Dal in Dibrugarh)। সেইবাবে দলটোক একাষৰীয়া কৰি বিৰোধী দলসমূহ একত্ৰিত হোৱা বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে । ইপিনে, ধেমাজিৰ ঘটনা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে । তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দৃষ্টিত "গুড বয়" হ'বলৈ গৈ এই স্পৰ্শকাতৰ বিষয়টোৰ ওপৰত নীৰৱতা অৱলম্বন কৰা বুলি মন্তব্য কৰিছে । অথচ অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে । দিল্লীৰ সন্মুখত আঠু কাঢ়ি জীয়াই থকা মুখ্যমন্ত্ৰীয়ে অসমৰ মাটি অৰুণাচলক এৰি দি হাত সাৱটি বহি থকাৰ বাবে দুজনকৈ অসমীয়াই প্ৰাণ হেৰুৱাবলগীয়া হোৱা বুলি প্ৰকাশ কৰিছে ।