ডিব্ৰুগড়, 9 নৱেম্বৰঃ সমগ্ৰ দেশৰ লগতে ৰাজ্যত বৃদ্ধি পোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীত ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিবাদ ৷ সোমবাৰে ডিব্ৰুগড়ত প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিয়ে এক প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰি ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনক মূল্যবৃদ্ধি সন্দৰ্ভত কৰা মন্তব্যৰ বিৰোধিতা কৰি কঠোৰ সকীয়নী প্ৰদান কৰে।
মূল্যবৃদ্ধিৰ বিৰুদ্ধে ডিব্ৰুগড়ত AJYCPৰ জোঁৰ সমদল - ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন
সমগ্ৰ দেশৰ লগতে ৰাজ্যত বৃদ্ধি পোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীত ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিবাদ ৷ সোমবাৰে ডিব্ৰুগড়ত প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিয়ে এক প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰি ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনক মূল্যবৃদ্ধি সন্দৰ্ভত কৰা মন্তব্যৰ বিৰোধিতা কৰি কঠোৰ সকীয়নী প্ৰদান কৰে।
ইপিনে, শ্ৰমজীৱি ৰাইজৰ দৈনিক প্ৰয়োজনীয় অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্য হ্ৰাস কৰিবলৈ চৰকাৰক দাবী জনাৱোৰ লগতে ক'ভিড-১৯ ৰ মহা সংকটৰ মূহুৰ্তত চৰকাৰে প্ৰতিটো সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি ক্ষতি হোৱা ৰাজহ পূৰণ কৰিব বিচৰা বুলিও অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ আনহাতে, শীঘ্ৰে মূল্য়বৃদ্ধি হ্ৰাস নকৰিলে আগন্তুক নিৰ্বাচনত ইয়াৰ ফল বিজেপি চৰকাৰে ভোগ কৰিব লাগিব বুলি AJYCPৰ জিলা সভাপতি গিৰিণ চেতিয়া আৰু সম্পাদক প্ৰিয়ব্ৰত গোহাঁইয়ে সকীয়নী দিয়ে।
লগতে পঢ়কঃনীলা পানী হ্ৰদত প্ৰশাসনৰ ১৪৪ ধাৰা বলবৎ