মৰাণ, 20 জানুৱাৰী :'কা' (নাগৰিকত্ব সংশোধনী আইন) ৰ বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে ৰাজ্যৰ ভিন্ন প্ৰান্তত বুধবাৰে জোঁৰ সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ ৰাজ্যজুৰি সাব্যস্ত হোৱা প্ৰতিবাদৰ অংশ হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহজিলা ডিব্ৰুগড়তো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়ে প্ৰতিবাদেৰে ৰাজপথ উত্তাল কৰি তোলে ৷
'কা' আমি নামানো, 'কা' বাতিল হ'বই লাগিব আদি শ্ল'গানেৰে প্ৰতিবাদকাৰী সকলে ডিব্ৰুগড়ৰ ৰাজপথ উত্তাল কৰি তোলাৰ পৰিৱৰ্তে ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰে প্ৰায় 50 ৰো অধিক প্ৰতিবাদকাৰীক আটক কৰে ৷ প্ৰতিবাদকাৰীক সকলক আৰক্ষীয়ে আটক কৰিবলৈ উলোৱাৰ পাছতেই প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি আৰম্ভ হয় বুলি জানিব পৰা গৈছে ৷