মৰাণ, ২০ মাৰ্চ:শেহতীয়াভাৱে ৰাজ্য় চৰকাৰে অসমৰ পৌৰ নিগম আৰু পৌৰসভাৰ অন্তৰ্গত গৃহ কৰকে আদি কৰি অন্য়ান্য কৰ অভাৱনীয় হাৰত বৃদ্ধি কৰাৰ প্ৰস্তাৱৰ বিৰুদ্ধে সৰৱ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ (AJYCP Protest at Naharkatia)। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নাহৰকটীয়া আঞ্চলিক সমিতিৰ উদ্যোগত আৰু নাহৰকটীয়া নগৰৰ ৰাইজৰ সহযোগত সোমবাৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ ৰাজ্য চৰকাৰৰ এনে জনবিৰোধী নীতি বাতিলৰ দাবীত আজি নাহৰকটীয়া পৌৰসভা কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়াৰ যোগেদি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।
প্ৰতিকূল বতৰকো নেওচি ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক গৌৰাংগ গগৈয়ে পৌৰ কৰ অভাৱনীয় হাৰত বৃদ্ধি কৰা বাবে চৰকাৰক তীব্ৰ সমালোচনা কৰে (Protest in Naharkatia Municipality Office)। তেওঁ কয় যে, দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰা জনসাধাৰণৰ বাবে বৰ্ধিত কৰৰ বোজা বহন কৰা সম্ভৱ নহয় ৷ বৃদ্ধিৰ পূৰ্বে বিভাগীয় কৰ্তৃপক্ষই প্ৰতিখন পৌৰনিগম আৰু পৌৰসভাত স্থানীয়ভাৱে জনশুনানী আৰু ৰাজহুৱা ওজৰ আপত্তি গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া স্বত্বেও অতি কৌশলৰে জনশুনানী বা ৰাজহুৱা অভিযোগৰ কোনো গুৰুত্ব নিদি পৌৰ কৰ বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে ।
চৰকাৰৰ এনে জনবিৰোধী কাৰ্যত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে তীব্ৰ বিৰোধীতা কৰি যাব বুলি তেওঁ মত পোষণ কৰে (Municipal tax hike in Naharkatia)। তেওঁ লগতে নাহৰকটীয়া পৌৰসভাৰ পৌৰপতিৰ লগতে পৌৰসভাখনক ধিক্কাৰ জনাই কয় যে,ৰাইজৰ প্ৰতিবাদক কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰি নিজৰ কাৰ্যালয়ত বহি ৰং চাইহে আছে । বিজেপিৰ নেতৃত্বত গঠন হোৱা এই পৌৰসভাখনে ৰাইজৰ প্ৰতিবাদক সন্মান নজনালে ভৱিষ্যতে ইয়াতকৈ অধিক তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদকগৰাকীয়ে ।