অসম

assam

ETV Bharat / state

শ্বেৰমান আলীক দুস্কৃতিকাৰী আখ্যা AJYCP ৰ

নগাঁৱত বিধায়ক শ্বেৰমান আলীৰ প্ৰতিমূৰ্তি দাহ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ । বিতৰ্কিত বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিলে সংগঠনটোৱে । শ্বেৰমান আলীক দুস্কৃতিকাৰী আখ্যা দিলে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।

ajycp protest against mla sherman ali
শ্বেৰমান আলীক দুস্কৃতিকাৰী আখ্যা AJYCP ৰ

By

Published : Oct 1, 2021, 10:21 PM IST

নগাঁও, 1 অক্টোবৰ :শ্বহীদক অপমান কৰি অধিক বিপদত পৰিছে বিতৰ্কিত বিধায়ক শ্বেৰমান আলী । অসম আন্দোলনৰ শ্বহীদক চূড়ান্ত অপমান কৰি উদ্ভট মন্তব্য কৰা বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন । বিতৰ্কিত বিধায়কগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে নগাঁও । শুকুৰবাৰে নগাঁৱত কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীৰ প্ৰতিমূৰ্তি দাহ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে ।

শ্বেৰমান আলীক দুস্কৃতিকাৰী আখ্যা AJYCP ৰ

নগাঁও চহৰৰ মূল ৰাজপথত বিধায়কগৰাকীৰ প্ৰতিমূৰ্তি দাহ কৰি সংগঠনটোৱে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । শ্বহীদক অপমান কৰা বিধায়ক শ্বেৰমান আলীক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নগাঁও জিলা সমিতিয়ে । বাৰে বাৰে অসমীয়া জাতিক অপমান কৰা বিধায়ক শ্বেৰমান আলীক দুস্কৃতিকাৰী আখ্যা দিয়ে সংগঠনটোৰ নগাঁও জিলা সমিতিয়ে ।

বিধায়ক শ্বেৰমান আলী বাংলাদেশীপ্ৰেমী নেকি বুলিও প্ৰশ্ন উত্থাপন কৰি বিধায়ক শ্বেৰমান আলীক বাংলাদেশলৈ যোৱাৰ পৰামৰ্শ দিয়ে প্ৰতিবাদকাৰী সংগঠনটোৱে ।

লগতে বিধানসভা নিৰ্বাচনৰ পূৰ্বেও বিধায়ক শ্বেৰমান আলীয়ে কৰা বিতৰ্কিত মন্তব্যৰ বাবে গ্ৰেপ্তাৰৰ হুংকাৰ দিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এতিয়া ৰহস্যজনকভাৱে নীৰৱতা অৱলম্বন কৰা বুলিও অভিযোগ কৰিছে কৰে এজেৱাইচিপিয়ে । এটাৰ পিছত এটাকৈ বিতৰ্কৰ সূচনা কৰাৰ পিছতো বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে কেৱল সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰাৰ বাহিৰে কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে বিভিন্ন মহলত ।

লগতে পঢ়ক :বোকাজানত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰসহ চাৰিজনক আটক

ABOUT THE AUTHOR

...view details