অসম

assam

ETV Bharat / state

Protest against Assam Cabinet decision: ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ প্ৰতিবাদ

প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত(তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ)বিজ্ঞান আৰু গণিত বিষয় ইংৰাজী মাধ্যমেৰে পাঠদান কৰিব বিচৰা কেবিনেটৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে অসম জাতীয় পৰিষদে । ইয়াৰ প্ৰতিবাদত অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়ে চহৰখনৰ চৌকিডিঙিত বিক্ষোভ প্ৰদৰ্শন কৰে(Asam Jatia Parisad protest at Dibrugarh)।

Protest against Assam Cabinet decision
ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ প্ৰতিবাদ

By

Published : Aug 2, 2022, 3:06 PM IST

মৰাণ, ২আগষ্ট:ৰাজ্য চৰকাৰে প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত মাধ্যম সলনি কৰিব বিচৰা সিদ্ধান্তৰ বিৰুদ্ধে ডিব্ৰুগড়ত অসম জাতীয় পৰিষদে প্ৰতিবাদ সাব্য়স্ত কৰে(Asam Jatia Parisad protest at Dibrugarh)। অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়ে চহৰখনৰ চৌকিডিঙিত বিক্ষোভ প্ৰদৰ্শনেৰে চৰকাৰৰ সিদ্ধান্তৰ প্ৰতিবাদ জনায় । যোৱা ২৮ জুলাইত ৰাজ্যখনৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত (তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ) বিজ্ঞান আৰু গণিত বিষয় ইংৰাজী মাধ্যমেৰে পাঠদান কৰিব বিচৰা কেবিনেটৰ সিদ্ধান্তৰ তীব্র বিৰোধিতা কৰিছে পৰিষদে।

ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ প্ৰতিবাদ

চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পৰিষদৰ জিলা সভাপতি পৰাগ বৰুৱাই কয় যে শিক্ষা মনোবিজ্ঞান আৰু শিশু মনোবিজ্ঞানৰ মতে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত মাতৃভাষাৰ মাধ্যমেৰে শিক্ষা গ্রহণেই সৱাতোকৈ বিজ্ঞানসন্মত আৰু বিশ্বজুৰি সমাদৃত পদ্ধতি ।

তেনেক্ষেত্ৰত অসমৰ ছাত্ৰ-ছাত্ৰী সকলক প্রাথমিক পৰ্যায়ৰ পৰাই বিদেশী ভাষা এটা বাধ্যতামূলকভাৱে জাপি দি তেওঁলোকক শৈক্ষিক জটিলতাৰ মাজলৈ আৰু অসমীয়া ভাষাটোৰ ভৱিষ্যৎ অন্ধকাৰলৈ ঠেলি দিয়া হৈছে । গতিকে অসমীয়া ভাষাৰ ভৱিষ্যৎ সুৰক্ষিত আৰু ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জটিলতা নাইকিয়া কৰাৰ স্বাৰ্থত এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী উত্থাপন কৰিছে অসম জাতীয় পৰিষদে । প্ৰতিবাদকাৰী সকলে চৰকাৰক এনে সিদ্ধান্তৰ পুনৰ বিবেচনাৰ বাবে দাবী জনাইছে ।
লগতে পঢ়ক:AIAWU protest: কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে AIAWU ৰ তীব্ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details