মৰাণ, 27 আগষ্ট: কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে পুনৰ নাগৰিকত্ব সংশোধনী আইন প্ৰণয়নৰ পোষকতা কৰাৰ লগে লগেই অসমতো কা আন্দোলনৰ উকমুকনি দেখিবলৈ পোৱা গৈছে । সদৌ অসম ছাত্ৰ সন্থাই উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাটাও ছাত্ৰ সংগঠনক লগত লৈ পুনৰ কা আন্দোলন আৰম্ভ কৰাৰ পাছতেই বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰ বাবে তৎপৰ হৈছে অসম জাতীয় পৰিষদ (Lurinjyoti Gogoi criticized Assam govt)।
অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ডিব্ৰুগড়ৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয়, কা আন্দোলনৰ পটভূমিত জন্মলাভ কৰা অসম জাতীয় পৰিষদে কেতিয়াও কা মানি ল'ব নোৱাৰে । অসমৰ পৰিৱেশ পৰিস্থিতি ভাৰতবৰ্ষৰ আন ৰাজ্যৰ লগত নিমিলে, এই কথা দিল্লীৰ কেন্দ্ৰীয় চৰকাৰে বুজিব লাগিব । উত্তৰ-পূৰ্বাঞ্চলৰ পৰাই কা বাতিল কৰিব লাগিব ৷ কেন্দ্ৰীয় চৰকাৰক এই দাবী জনালে লুৰিণজ্যোতি গগৈয়ে (AJP President Lurinjyoti Gogoi react on CAA)।