ডিব্ৰুগড়, 5 অক্টোবৰ : "এক অসম যাত্ৰালৈ সমগ্ৰ অসমৰ প্ৰতিটো প্ৰান্ততে জনতাৰ সঁহাৰি, উপস্থিতি আৰু সমৰ্থন স্বতস্ফূৰ্ত ৷ বেলেগৰ দৰে আমি পইচা দি শোভাযাত্ৰালৈ মানুহ আনিব লগা হোৱা নাই ৷ পদপথৰ মানুহ এই যাত্ৰাত অংশগ্ৰহণ কৰিছে, সমৰ্থন জনাইছে মূল আদৰ্শটোত, এক অসম ঐক্যবদ্ধ অসম ৷" এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ৷
ধুবুৰীৰ পৰা ঐক্যবদ্ধ অসমৰ লক্ষ্যৰে আৰম্ভ কৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰাই বৃহস্পতিবাৰে ১৪ দিনত ভৰি দিলে ৷ বিগত ২১ ছেপ্টেম্বৰত ধুবুৰীৰ পৰা শদিয়ালৈ আৰম্ভ কৰা অসম জাতীয় পৰিষদৰ "এক অসম যাত্ৰা" বৃহস্পতিবাৰে চৰাইদেউ জিলা অতিক্ৰম কৰি ডিব্ৰুগড় জিলাত প্ৰৱেশ কৰিছে ৷
বৃহস্পতিবাৰে ডিব্ৰুগড় জিলাৰ মৰাণ নগৰৰ পৰা পুনৰ আৰম্ভ হৈছে অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা ৷ মৰাণৰ প্ৰজাপতি বিবাহ ভৱনৰ সন্মুখৰ পৰা আৰম্ভ কৰা এই এক অসম যাত্ৰাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, উপ সভাপতি অনুপ ফুকন, দুলু আহমেদ, সাধাৰণ সম্পাদক ৰাজু ফুকন, যুটীয়া সম্পাদক মানিক গগৈকে ধৰি কেন্দ্ৰীয় সমিতিৰ বহুসংখ্যক বিষয়ববয়াই অংশগ্ৰহণ কৰে ৷