অসম

assam

হিমন্ত বিশ্ব শৰ্মাই গুপ্তহত্যাৰ দ্বিতীয় সংস্কৰণ আৰম্ভ কৰিছে: লুৰীণজ্যোতি

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 3:35 PM IST

Lurinjyoti Gogoi on encounter: এনকাউণ্টাৰক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ । ডিব্ৰুগড়ত তেওঁ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানগৰাকীৰ বিৰুদ্ধেও সৰল হৈ পৰে ।

AJP President Lurinjyoti Gogoi
অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ

মৰাণ, ২৯ডিচেম্বৰ: অসম আৰক্ষীয়ে শেহতীয়াকৈ কৰা এনকাউণ্টাৰক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । ডিব্ৰুগড়ত বৃহস্পতিবাৰে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে । অসম জাতীয় পৰিষদৰ সভাপতি সভাপতি গৰাকীয়ে এই সন্দৰ্ভত কয়,"মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত সাধাৰণ ৰাইজৰ জীৱনৰ নিৰাপত্তা নোহোৱা হ'ল । আইনৰ শাসন ব্যৱস্থাক বুঢ়া আঙুলি দেখুৱাই এতিয়া হিমন্ত বিশ্ব শৰ্মাই নিজৰ ইচ্ছা মতে যাকে মন যায় তাকে গুলীয়াই হত্যা চেষ্টা কৰিছে । "

অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ কয়," হিমন্ত বিশ্ব শৰ্মাই গুপ্তহত্যাৰ দ্বিতীয় সংস্কৰণ আৰম্ভ কৰিছে ।" আনহাতে,অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙকো কঠোৰ ভাষাৰে সমালোচনা কৰি কয়," অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানগৰাকীয়েও সাধাৰণ জনতাক হত্য়া কৰিবলৈ উঠি-পৰি লাগিছে । এইটো কোনো কাৰণতে গ্ৰহণযোগ্য় নহয় ।"

আলফা (স্বাধীন)ৰ বিৰোধীতাৰে অসম চৰকাৰৰ নিৰ্দেশত অসম আৰক্ষীয়ে আৰম্ভ কৰিছে তীব্ৰ অভিযান । শেহতীয়াকৈ তিনিচুকীয়া, শিৱসাগৰ আৰু যোৰহাটত আলফাই (স্বাধীন) বিস্ফোৰণ সংঘটিত কৰা পাছতে আলফা স্বাধীনৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী । আলফা স্বাধীনৰ লগত সম্পৰ্ক ৰক্ষা কৰা কেইবাজনকো ইতিমধ্যে এনকাউণ্টাৰ কৰিছে আৰক্ষীয়ে । লগত আলফা স্বাধীনৰ সমৰ্থনত সামাজিক মাধ্যমত মন্তব্য দিয়া বাবে ৰঙাঘৰৰ আলহী হ'বলগা হৈছে ৰাজ্যৰ কেইবাজনো যুৱক- যুৱতী । ইয়াৰ মাজতে অসমীয়া যুৱকক আলফা স্বাধীনৰ লগত সম্পৰ্ক ৰক্ষা কৰাৰ সন্দেহত গুলীবিদ্ধ কৰাক লৈ ৰাইজৰ লগতে সচেতন মহলে চৰকাৰ আৰু অসম আৰক্ষীক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:আলফা-কেন্দ্ৰীয় চৰকাৰৰ ত্ৰিপাক্ষিক চুক্তিক APW ৰ উম্ম আদৰণি

ABOUT THE AUTHOR

...view details