ডিব্ৰুগড়, ৬ অক্টোবৰ:অসম জাতীয় পৰিষদে ২১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰা 'এক অসম যাত্ৰা' বৃহস্পতিবাৰে ডিব্ৰুগড়ত উপস্থিত হয় । ধুবুৰীৰ নেতাইধুবুনী ঘাটৰ পৰা আৰম্ভ কৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা আজি ডিব্ৰুগড়ত দ্বিতীয় দিনৰ বাবে অনুষ্ঠিত হয় । দ্বিতীয় দিনাৰ কাৰ্যসূচী আৰম্ভ কৰাৰ পূৰ্বে ডিব্ৰুগড়ত বিশিষ্ট সাহিত্যিক,বুদ্ধিজীৱী ড৹ নগেন শইকীয়াক সাক্ষাৎ কৰে জাতীয় পৰিষদৰ নেতৃবৃন্দই ।
অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাকে প্ৰমুখ্যে কৰি কেন্দ্ৰীয় নেতা সকলে ড৹ নগেন শইকীয়াৰ সৈতে বহু সময় ধৰি আলোচনাত মিলিত হয় । বিশিষ্ট চিন্তাবিদ গৰাকীৰ পৰা দিহা পৰামৰ্শ গ্ৰহণ কৰে জাতীয় পৰিষদৰ নেতৃবৃন্দই । সাম্প্ৰদায়িকতাৰ বিৰোধিতা কৰি সম্প্ৰীতিৰ অসম গঢ়াৰ বাবে ধুবুৰীৰ পৰা শদিয়ালৈ 'এক অসম যাত্ৰা' কৰা বুলি দাবী কৰা অসম জাতীয় পৰিষদলৈ বিশিষ্ট সাহিত্যিক চিন্তাবিদ গৰাকীয়ে পূৰ্ণ সমৰ্থন আগবঢ়াইছে । কিয়নো এক অসম যাত্ৰা চলি থকাৰ মাজতেই ড৹ শইকীয়াই শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছিল । সেয়ে ডিব্ৰুগড়ত উপস্থিত হোৱাৰ পাছতেই অসম জাতীয় পৰিষদৰ নেতৃত্বই আজি ডিব্ৰুগড়ৰ গৃহত ড৹ শইকীয়াক সাক্ষাৎ কৰি আশীৰ্বাদ গ্ৰহণ কৰি ডিব্ৰুগড়ত দ্বিতীয় দিনৰ বাবে এক অসম যাত্ৰা কাৰ্যসূচী আৰম্ভ কৰিছে ।