মৰাণ,২৩ মাৰ্চ:১১৭ নং লাহোৱাল বিধানসভা সমষ্টিত প্ৰতিটো দলৰ নিৰ্বাচনী প্ৰচাৰ আকৰ্ষণীয় হৈ পৰিছে । লাহোৱালত অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী লিখন বৰুৱাই নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে । মঙলবাৰে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী গৰাকীয়ে ৰহমৰীয়াৰ বাসগৃহৰ পৰা দলীয় সমৰ্থকসহ ৰহমৰীয়া মৌজাৰ চামনী গাঁও, গোৱাল চুক, বৰতী চুক, চাপৰী গাঁও, নিজ ৰহমৰীয়া, গেনী চুক, হাঁহৰীয়াল, বগৰীতলীয়া হৈ ধুপাবৰ মাইজানলৈকে পদযাত্ৰাৰে নিৰ্বাচনী প্ৰচাৰ চলায় । এই পদযাত্ৰাৰ সময়ত দলটোৱে পথ সভা অনুষ্ঠিত কৰি প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলে ।
এজেপি প্ৰাৰ্থী লিখন বৰুৱাই কয় যে, বিভিন্ন সমস্যাৰে জৰ্জৰিত ৰহমৰীয়াবাসীয়ে বিগত পাঁচ-ছয় দশক ধৰি খহনীয়াৰ সমস্যা ভূগি আছে ৷ বিজেপি চৰকাৰে কেৱল মাত্ৰ উন্নয়নৰ শ্ল’গান দি ভূৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে ৷ জাতিৰ উৰ্দ্ধত কেতিয়াও ৰাজনীতি নহয় ৷ ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক দলবিলাকে দিয়া প্ৰতিশ্ৰুতি এতিয়া অসাৰ প্ৰতিপন্ন হৈছে ৷