মৰাণ, 8মে': মৰাণৰ কুশল নগৰত অজগৰৰ মুক্ত বিচৰণ ৷ কুশল নগৰৰ বিদ্যান্ত গগৈ নামৰ এজন লোকৰ ঘৰৰ পিছফালে শনিবাৰে দিনৰ ২ মান বজাত এটা প্ৰায় দহ কেজি ওজনৰ অজগৰে ভক্ষণ কৰি থকা অৱস্থাত ঘৰৰলোকে প্ৰত্যক্ষ কৰে ।
মৰাণৰ কুশল নগৰত অজগৰ উদ্ধাৰ - কুশল নগৰ
মৰাণৰ কুশল নগৰত অজগৰ মুক্ত বিচৰণ ৷ বিদ্যান্ত গগৈ নামৰ এজন লোকৰ ঘৰৰ পিছফালে এটা প্ৰায় দহ কেজি ওজনৰ অজগৰে ভক্ষণ কৰি থকা অৱস্থাত ঘৰৰলোকে প্ৰত্যক্ষ কৰে ৷
![মৰাণৰ কুশল নগৰত অজগৰ উদ্ধাৰ ajogor-at-moran](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11689843-thumbnail-3x2-img-2.jpg)
মৰাণৰ কুশল নগৰত অজগৰ বিচৰণ
ইয়াৰ পিছতে বন বিভাগক খবৰ দিয়াত খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ পৰা বনকৰ্মী আহি উপস্থিত হৈ অজগৰটোৰ বিচাৰ-খোচাৰ কৰে যদিও কোনো সন্ধান লাভ নকৰে । অজগৰটো বিচাৰি নোপোৱাত স্থানীয় লোক কিছু শংকিত হোৱা দেখা যায় ৷
লগতে পঢ়ক :ক’ভিডৰ ভয়ংকৰ সংক্ৰমণক ৰোধ কৰাৰ ৰণকৌশল