ডিব্ৰুগড়, ১০ মে': ৰাজ্যত অব্যাহত আছে কৰ'ণা মহামাৰীৰ সংহাৰ । মহামাৰীত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে ডিব্ৰুগড়ৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান ছল্টব্ৰুক একাডেমীৰ অধ্যক্ষ অজয় চাহুৱে । বিগত কেইবাদিনো ধৰি ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল চাহু ।
ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমীৰ অধ্যক্ষৰ দেহাৱসান - ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমী
ক'ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুক সাৱতিলে ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমীৰ অধ্যক্ষ অজয় চাহুৱে । তেওঁ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল ।
ক'ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু ছল্টব্ৰুক একাডেমীৰ অধ্যক্ষ অজয় চাহুৰ
চিকিৎসালয়তে মৃত্যু হয় ছল্টব্ৰুক একাডেমীৰ অধ্যক্ষগৰাকীৰ । আনহাতে, ডিব্ৰুগড়ত ক'ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৪৬ জনলৈ বৃদ্ধি পাইছে । বৰ্তমানলৈকে ৫,১০৯ জন মহামাৰীৰ কবলত পৰিছে ।
লগতে পঢ়ক:জটিল ৰোগত আক্ৰান্ত জোনাইৰ ধৈন্য পেগু