মৰাণ, 14 মাৰ্চ:চাবুৱাত বিজেপিৰ ভেঁটিক অগপই শেষ কৰিলে বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে সংগীত শিল্পী তথা চাবুৱা সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনৰ বাবে প্ৰক্ষেপিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী অজয় ফুকনে ৷ এক নিৰ্বাচনী প্ৰচাৰত অংশ লৈ অগপৰ হাতীয়ে চাবুৱাত বিজেপিৰ ঘৰ বাৰী ভাঙি পেলালে বুলি এক মন্তব্য কৰি ফুকনে এইবাৰ চাবুৱা সমষ্টিৰ ৰাইজ কংগ্ৰেছৰ পক্ষত আছে বুলি দাবী কৰে ৷
বিজেপিৰ পদুমো অগপৰ হাতীয়ে গচকি শেষ কৰিলে বুলি মন্তব্য কৰি ফুকনে লগতে কয় যে, চাবুৱাত এতিয়া অগপ আৰু বিজেপিৰ ভেঁটি নাই, বিজেপিৰ যি ভেঁটি আছিল সেয়াও অগপই শেষ কৰি পেলালে । কা আন্দোলনে চাবুৱাত ব্যাপক ৰূপ লৈছিল । সেয়ে চাবুৱাৰ ৰাইজে জানে ভোট কাক দিব লাগে ।