ডিব্ৰুগড়, 5 মাৰ্চঃ এইবাৰ অখিল গগৈৰ পক্ষত ঠিয় দিছে সদৌ অসম আহোম সভাই । অখিলৰ স্বাস্থ্যক লৈ চৰকাৰৰ শেহতীয়া স্থিতিক অমানবীয় আখ্যা আহোম সভাৰ । ডিব্ৰুগড়ত সংবাদ মেল সম্বোধন কৰি অখিলৰ মুক্তিৰ স্বাৰ্থত আন্দোলনৰ বাবেও আহোম সভা বদ্ধপৰিকৰবুলি উল্লেখ কৰে সংগঠনটোৰ নেতৃত্বই। কলে, যুৱ নেতা অসমৰ হকে মাত মাতি থকা অখিলক কাৰাগাৰত কৌশলগতভাৱে ৰাখি স্বাস্থ্যৰ প্ৰতি গুৰুত্বহীন স্থিতি গ্ৰহণ কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ কৌশল এইয়া ।
অখিল গগৈৰ পক্ষত সদৌ অসম আহোম সভা - সদৌ অসম আহোম সভা
অখিল গগৈৰ পক্ষত আছুৰ পাচতে থিয় দিছে সদৌ অসম আহোম সভা ৷ বৃহস্পতিবাৰে ডিব্ৰুগড়ত সংবাদ মেল সম্বোধন কৰি অখিলৰ মুক্তিৰ বাবে আন্দোলনৰ বাবেও বদ্ধপৰিকৰ বুলি মন্তব্য কৰে আহোম সভাই ।
অখিল গগৈৰ পক্ষত সদৌ অসম আহোম সভা
অখিলৰ মুক্তি আৰু উন্নত চিকিৎসাৰ দাবীত, আন আন সংগঠনকো ওলাই আহিবলৈ আহ্বান আহোম জনগোষ্ঠীয় সংগঠনটোৰ । লগতে 'কা' আন্দোলনৰ বিৰুদ্ধে মাত মতাৰ বাবে আৰু আন্দোলন স্তিমিত কৰাৰ চক্ৰান্ত কৰি চৰকাৰে বহু জাতীয় নেতা আৰু ব্যক্তিক বিভিন্ন অজুহাতৰ গোচৰ জাপি দি কাৰাবন্দী কৰি ৰাখিছে । অখিলৰ লগতে সেই সকলকো বিনাস্বৰ্তে মুক্তিৰ দাবী আহোম সভাৰ ৷
Last Updated : Mar 5, 2020, 9:02 PM IST