অসম

assam

অসমীয়া হিচাপে সাহস দেখুৱাক সৰ্বানন্দ সোণোৱালে !

By

Published : Dec 7, 2019, 11:00 AM IST

সংবাদ মেলত সংগঠনটোৰ সভাপতি মহেন্দ্ৰ দিহিঙীয়াই শাসক দল বিজেপিক মিছলীয়া আৰু প্ৰৱঞ্চক আখ্যা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত,স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জাতিদ্ৰোহী,অতুল বৰাই মন্ত্ৰীত্বৰ লোভত অসমৰ ৰাইজক লৈ বেপাৰ কৰিছে বুলি মন্তব্য কৰে ৷

ডিব্ৰুগড়
অসমীয়া হিচাপে সাহস দেখুৱাক সৰ্বানন্দ সোণোৱালে !

ডিব্ৰুগড়, 7 ডিচেম্বৰঃ ৰাজ্যজুৰি দল মত নিৰ্বিশেষে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ পাচতে ৪ ডিচেম্বৰত কেন্দ্ৰীয় কেবিনেটত কেব অনুমোদন জনোৱাৰ পাছত সমগ্ৰ অসমৰ সমান্তৰালভাৱে মৰাণত জাতীয় সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আন্দোলন অধিক তীব্ৰতৰ কৰি তোলে ।

অসমীয়া হিচাপে সাহস দেখুৱাক সৰ্বানন্দ সোণোৱালে !

শুকুৰবাৰে আহোম জাতীয় গণমঞ্চ অসমে জাতিধ্বংসী বিধেয়কৰ বিৰোধিতাৰে মৰাণত এক সংবাদমেল আয়োজন কৰি শাসক দল বিজেপিৰ লগতে অসম গণ পৰিষদৰ মন্ত্ৰী কেইজনক তীব্ৰ সমালোচনা কৰে ।

অসমীয়া হিচাপে সাহস দেখুৱাক সৰ্বানন্দ সোণোৱালে !

সংবাদ মেলত সংগঠনটোৰ সভাপতি মহেন্দ্ৰ দিহিঙীয়াই শাসক দল বিজেপিক মিছলীয়া আৰু প্ৰৱঞ্চক আখ্যা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত,স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জাতি দ্ৰোহী ,অতুল বৰাই মন্ত্ৰীত্বৰ লোভত অসমৰ ৰাইজক লৈ বেপাৰ কৰিছে বুলি মন্তব্য কৰে ।

অসমীয়া হিচাপে সাহস দেখুৱাক সৰ্বানন্দ সোণোৱালে !

লগতে নেতা গৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেবৰ বিৰোধিতা কৰি প্ৰকৃত অসমীয়া হিচাপে সাহস দেখুৱালৈ আহ্বান জনায় । নহ'লে অসমীয়া ৰাইজে তেওঁক কেতিয়াও ক্ষমা নকৰিব বুলি কয়। সংগঠনটোৱে অসমৰ ৰাইজক একগোট হৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ লগতে বিজেপি দলৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ আহ্বান জনায়। বিজেপি দলৰ প্ৰতিজন মন্ত্ৰী বিধায়কৰ ঘৰ ঘেৰাও কৰি বিধেয়কখনৰ বিৰুদ্ধে আহোম জাতীয় গণমঞ্চই তীব্ৰ প্ৰতিবাদ কৰিব বুলি দলটোৰ বিষয়ববীয়াসকলে ঘোষণা কৰে । সংবাদ মেলৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,গৃহ মন্ত্ৰী অমিত শ্বাহ,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি হাতত লৈ মৰাণ চহৰত পদ যাত্ৰা কৰি মৰাণ আৰক্ষী চকীৰ কাষৰ তিনিআলিত এই প্ৰতিকৃতি দাহ কৰে। তাৰোপৰি শুকুৰবাৰে সন্ধিয়া মৰাণ সমষ্টিৰ উন্নয়ন সমিতিৰ উদ্যোগত বিধেয়কখনৰ বিৰুদ্ধে জোঁৰ সমদল বাহিৰ কৰে।

লগতে পঢ়কঃ টীয়কৰ বিধায়িকা ৰেনুপমা ৰাজখোৱাৰ ছুইচাইড নোট উদ্ধাৰ

ABOUT THE AUTHOR

...view details