মৰাণ,13 মে': কৰ'ণাৰ ভয়াৱহতাৰ মাজতে নতুনকৈ গঠন হোৱা চৰকাৰ খনকলৈ ৰাজ্যবাসীৰ লগতে আশাবাদী অসমৰ অন্যতম জাতীয় সংগঠন আহোম জাতীয় গণ মঞ্চ ৷ বিশেষকৈ ডিব্ৰুগড় আৰু চৰাইদেউৰ পৰা কেবিনেট মন্ত্ৰীৰ দায়িত্ব লাভ কৰা বিমল বৰা আৰু যোগেন মহনে ৰাইজৰ উন্নয়নৰ স্বাৰ্থত কাম কৰিব বুলি আশা প্ৰকাশ কৰিছে সংগঠনৰ সহকাৰী সাধাৰণ সম্পাদক অকণ ভূঞাই ৷
নতুন চৰকাৰক লৈ আশাবাদী আহোম জাতীয় গণ মঞ্চ - Ahom Jatiya Gana manch
কৰ'ণা ভয়াৱহতাৰ মাজতে নতুনকৈ গঠন হোৱা চৰকাৰখনে ৰাজ্যবাসীৰ সকলো আশা-আকাংক্ষা পূৰণ কৰিব পাৰিব বুলি আশাবাদী আহোম জাতীয় গণ মঞ্চ ৷ ৰাজ্যখনৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ চৰকাৰখনে সমাধান কৰিব বুলি আশা ব্যক্ত কৰিছে সংগঠনটোৰ নেতৃত্বই ৷
নতুন চৰকাৰক লৈ আশাবাদী আহোম জাতীয় গণ মঞ্চ
কাৰাবন্দী নেতা অখিল গগৈ আৰু কংগ্ৰেছ দলে অসমৰ উন্নয়নৰ স্বাৰ্থত এইবাৰ অসম বিধানসভাত শক্তিশালী বিৰোধী ভূমিকা পালন কৰিব লাগিব বুলি মন্তব্য কৰিছে সহকাৰী সম্পাদক গৰাকীয়ে ৷
লগতে পঢ়কঃদায়িত্ব লৈয়েই অসম চুক্তি ৰূপায়ণ বিভাগত উপস্থিত মন্ত্ৰী অতুল বৰা