অসম

assam

ETV Bharat / state

20 এপ্ৰিলৰ পৰা পথাৰত খেতিয়ক নামিব লাগিবঃ কৃষিমন্ত্ৰী অতুল বৰা - ডিব্ৰুগড়

ৰাজ্যত ইতিমধ্যে কৃষক সকলৰ বাবে হ্ৰস্বম্যাদী বীজৰ যোগান ধৰা হৈছে ৷ কৃষকসকলে যাতে কোনো ধৰণৰ সমস্যাত পৰিব নালাগে তাৰ বাবে চৰকাৰে সকলো সহায় সহযোগিতা আগবঢ়াব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে কৃষি মন্ত্ৰী অতুল বৰাই ৷

ETV BHARAT
20 এপ্ৰিলৰ পৰা পথাৰত খেতিয়ক নামিব লাগিবঃ কৃষিমন্ত্ৰী অতুল বৰা

By

Published : Apr 16, 2020, 8:40 PM IST

ডিব্ৰুগড়, 16 এপ্ৰিলঃডিব্ৰুগড় আৱৰ্ত ভৱনত কৃষি মন্ত্ৰী অতুল বৰাৰ সংবাদমেল ৷ সংবাদ মেলত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই ৷ অসমৰ কৃষিমন্ত্ৰী অতুল বৰাই ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনত অত্যাৱশ্যকীয় সামগ্ৰীৰ সৈতে জড়িত বিভিন্ন ব্যৱসায়ী সংস্থাৰ লগত এক পৰ্যালোচনা সভাত মিলিত হয়। সভাত যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী,মন্ত্ৰী সঞ্জয় কিষাণ,যোগেন মহন উপস্থিত থাকে। মন্ত্ৰী গৰাকীয়ে সংবাদ মেলত মন্তব্য কৰে যে, বৰ্তমান খেতি কৰাৰ সময়,আমাৰ ৰাজ্যৰ গৰিষ্ঠ সংখ্যক লোক কৃষক। কৃষকে বৰ্তমান সময়ত যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় সেই দিশত আমিও লক্ষ্য ৰাখিছো বুলি মন্তব্য কৰে । তাৰোপৰি 20 এপ্ৰিল মানৰ পৰা পথাৰত খেতিয়ক হাতে-কামে নামিব লাগিব বুলি কয় । এইবাৰ কৃষক তথা ৰাইজে প্ৰত্যাহ্বান হিচাপে লৈ খাৰিফ শস্যৰ খেতি কৰিবলৈ আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে । ইতিমধ্যে কৃষক সকলক ইয়াৰ বীজ দিয়াৰো ব্যৱস্থা কৰা হৈছে বুলি সদৰি কৰে । উল্লেখ যে,মন্ত্ৰী গৰাকীয়ে কৃষক সকলক কৃষি ঋণৰ বাবে বেংক তথা বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনায় ৷

20 এপ্ৰিলৰ পৰা পথাৰত খেতিয়ক নামিব লাগিবঃ কৃষিমন্ত্ৰী অতুল বৰা

আনহাতে, বৰ্তমান পৰ্যাপ্ত পৰিমাণৰ শাক পাচলি এতিয়া লৈকে মজুত আছে বুলিও কয় মন্ত্ৰী অতুল । ইতিমধ্যে কৃষি বিভাগে যোগান ধৰিবলৈ লোৱা বীজো হ্ৰস্বম্যাদী। ডেৰ মাহতে উৎপাদন হ'ব। ৰাজ্যৰ বাহিৰলৈও উৎপাদিত শাক পাচলি ৰপ্তানি কৰিব পাৰি নেকি তাত প্ৰদান কৰা হৈছে গুৰুত্ব । মন্ত্ৰী গৰাকীয়ে লগতে কয় যে ,এই ব্যৱস্থা নিয়ন্ত্ৰণ আৰু উন্নত কৰিবলৈ কৃষি বিভাগৰ আয়ুক্ত সচিব গৰাকীক অধ্যক্ষ হিচাপে লৈ এখন কমিটি কৰা হৈছিল । সেই কমিটিয়ে এই ব্যৱস্থা মনিটৰিং কৰা বুলিও জনায়। ইফালে মন্ত্ৰী ফণীভূষণে কয় বৰ্তমান খাদ্য সামগ্ৰী মজুত আছে। লগতে,বজাৰো বৰ্তমান নিয়ন্ত্ৰণত আছে বুলি উল্লেখ কৰে। লগতে কৃষি ক্ষেত্ৰ খনক আগুৱাই নিয়াৰ বাবে গ্ৰাম সেৱকৰ নিযুক্তি কম দিনৰ ভিতৰতে দিয়াৰ ব্যৱস্থা কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷

20 এপ্ৰিলৰ পৰা পথাৰত খেতিয়ক নামিব লাগিবঃ কৃষিমন্ত্ৰী অতুল বৰা

লগতে পঢ়ক- বটদ্ৰৱাত শতাধিক লোকক খাদ্য সামগ্ৰী যাোগান এটা পৰিয়ালৰ

ABOUT THE AUTHOR

...view details