ডিব্ৰুগড়, 29 মে’ :সমাগত লোকসভা নিবাৰ্চন (Upcoming elections) । শাসক দলৰ সমান্তৰালভাৱে মিত্ৰদল অগপয়ো আৰম্ভ কৰিছে নিবাচনী কুছকাৱাজ । কিয়নো এইবাৰ 24 ৰ লোকসভা নিৰ্বাচনত শাসক দল বিজেপিয়ে অগপৰ সৈতে মিত্ৰতা কৰিব নে নাই সেই কথা চূড়ান্ত হৈ উঠা নাই । শাসক দল বিজেপিয়ে এই লোকসভাত ৰাজ্যৰ 12 খন আসনেই লাভ কৰিম বুলি দাবী কৰি থকা সময়তে আজি অৰ্থাৎ সোমবাৰে বিজেপিৰ দূৰ্গত মিত্ৰদল অগপই বজালে নিৰ্বাচনী ৰণশিঙা (AGP takes out rally for upcoming elections in Dibrugarh)।
সোমবাৰে ডিব্ৰুগড়ৰ চৌকিডিংগীত অগপৰ জিলা কাৰ্যালয়ৰ পৰা বিশাল নিৰ্বাচনী ৰেলী বাহিৰ কৰা হয় (Rally by AGP in Dibrugarh) । ডিব্ৰুগড় লোকসভা সমষ্টি ভিত্তিত অনুষ্ঠিত হোৱা কৰ্মী সন্মিলনৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় অগপৰ এই নিৰ্বাচনী ৰেলী । এই ৰেলীৰ পাচতেই ডিব্ৰুগড় জিলা পুথিভঁড়ালত অনুষ্ঠিত কৰা হয় অগপৰ কৰ্মী সন্মিলন ।
লগতে পঢ়ক :Assam Govt employees : বিগত বহু বছৰে চাকৰি নিয়মীয়াকৰণৰ আশাত পণবন্দী একাংশ কৰ্মচাৰী