মৰাণ, 23 অক্টোবৰ :সমাগত 2021 চনৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সকলো ৰাজনৈতিক দলে ৰণডংকা বজাবলৈ সক্ষম হৈছে । আগন্তুক নিবাৰ্চনক লৈ শাসক বিৰোধী সকলো ৰাজনৈতিক দলৰ মাজত তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । শেহতীয়াকৈ নতুনকৈ ৰাজ্যত গঠন হোৱা 'অসম জাতীয় পৰিষদে' নিজৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।
নতুন আঞ্চলিক ৰাজনৈতিক দলটোৱে মৰাণত এজনৰ পাছত আন এজন ৰাজনৈতিক দলৰ নেতাক দলত যোগদান কৰাই দলৰ ভেঁটি শক্তিশালী কৰিবলৈ দলত সদস্য ভৰ্তি কাৰ্যসূচী অব্যাহত আছে । মৰাণৰ শক্তিশালী অগপ নেতা ৰাফেল কুজুৱে 'অসম জাতীয় পৰিষদ'ত যোগদান কৰাৰ পিচতে বৃহস্পতিবাৰে পুনৰ 'অসম গণ পৰিষদ'ৰ সাংগঠনিক দায়িত্বত থকা বিকাশ বুঢ়াগোহাঁই 'অসম জাতীয় পৰিষদ'ত যোগদান কৰে ।
লগতে পঢ়ক :অজিত ভূঞাক অসমৰ নৱ প্ৰজন্মই ক্ষমা নকৰে: পীযুষ হাজৰিকা